September 16, 2026 12:47 PM | UPI

printer

ইউ পি আইৰ মাধ্যমেৰে লেনদেনৰ ক্ষেত্ৰত ধনৰাশি অধিক হ’লেও কোনোধৰণৰ মাচুল লোৱা নহয় বুলি কেন্দ্ৰীয় চৰকাৰৰ স্পষ্টতা

ইউ পি আইৰ মাধ্যমেৰে ব্যক্তিৰ মাজত লেনদেনৰ ক্ষেত্ৰত ধনৰাশি অধিক হ’লেও কোনোধৰণৰ মাচুল লোৱা নহয় বুলি কেন্দ্ৰীয় চৰকাৰে স্পষ্ট কৰি দিছে। বিত্ত মন্ত্ৰালয়ে প্রকাশ কৰা মতে ক্ষুদ্র ব্যৱসায়সকলৰ বাবে শূন্য ব্যৱসায়িক ৰেহাইৰ হাৰ- এম ডি আৰ ব্যৱস্থাৰ অধীনত সামৰি লোৱা লেনদেনৰ উপৰি দুহেজাৰ টকা পৰ্যন্ত ধনৰ আদান-প্রদান বিনামূলীয়া হ’ব। ইয়াৰ ফলত ব্যক্তিৰ মাজত লেনদেনৰ ক্ষেত্ৰত ৯৬ শতাংশতে কোনো প্ৰভাৱ নপৰে বুলি চৰকাৰে প্ৰকাশ কৰিছে। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে দুহেজাৰ টকাতকৈ অধিক লেনদেনৰ ক্ষেত্ৰতহে এম ডি আৰ বলৱৎ হ’ব। মন্ত্ৰালয়ৰ সূত্ৰই উল্লেখ কৰা মতে এম ডি আৰ কেন্দ্ৰীয় চৰকাৰ বা ভাৰতীয় ৰাষ্ট্ৰীয় ধনাদায় নিগমে সংগ্ৰহ কৰা কৰ নাইবা মাচুল নহয়। ইউ পি আই ব্যৱস্থা পৰিচালনা আৰু সম্প্ৰসাৰণত সহায়ৰ বাবে ইয়াক বেংক আৰু লেনদেনৰ সুবিধা প্রদানকাৰী ব্যৱস্থাসমূহৰ মাজত বিতৰণ কৰা হয়। ভাৰতীয় ৰাষ্ট্ৰীয় ধনাদায় নিগমে উল্লেখ কৰা মতে গ্ৰাহকৰ বাবে ইউ পি আই বিনামূলীয়া কৰি ৰখাৰ বিপৰীতে নিৰ্বাচিত ব্যৱসায়িক লেনদেনৰ ক্ষেত্ৰত অহা ১৫ অক্টোবৰৰ পৰা সংশোধিত ইউ পি আই ব্যৱসায়িক মাচুল বলৱৎ হ’ব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।