September 15, 2026 1:05 PM | UPI

printer

ইউ পি আইৰ জৰিয়তে দুহেজাৰ টকা পৰ্যন্ত হোৱা লেনদেনত বেংকে কোনো মাচুল আৰোপ কৰিব নোৱাৰিব বুলি চৰকাৰৰ ঘোষণা

 চৰকাৰে দুহেজাৰ টকা পৰ্যন্ত ইউ পি আইৰ জৰিয়তে হোৱা লেনদেনত বেংকে কোনো মাচুল আৰোপ কৰিব নোৱাৰিব বুলি ঘোষণা কৰিছে। চৰকাৰী ৰাজপত্ৰ অধিসূচনা অনুসৰি ৰূপেৰ ডেবিট কাৰ্ডৰ জৰিয়তে হোৱা লেনদেনৰ ক্ষেত্ৰতো এই নিয়ম প্রযোজ্য হ’ব। এই অধিসূচনা অনুসৰি বেংক নাইবা কোনো পেমেণ্ট ব্যৱস্থা প্ৰদানকাৰীয়ে এনেদৰে ধনৰ আদান-প্ৰদান কৰা ব্যক্তিৰ ক্ষেত্ৰত প্ৰত্যক্ষ বা পৰোক্ষভাৱে কোনো কৰ আৰোপ কৰিব নোৱাৰিব। বিত্ত মন্ত্রালয়ে ইউ পি আই লেনদেনৰ ক্ষেত্ৰত আৰোপ কৰিবলগীয়া কৰ সংক্ৰান্তীয় নীতি-নিয়ম স্পষ্ট কৰি দিয়াৰ বাবে ধন আদায় আৰু নিষ্পত্তি ব্যৱস্থা আইনৰ অধীনত এই বিষয়ে অৱগত কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।