June 8, 2024 1:49 PM

views 57

ফ্ৰেন্স অপেন টেনিছত পুৰুষৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ কাৰ্লোচ অলকৰাজ গার্ফিয়া

স্পেইনৰ কাৰ্লোচ অলকৰাজ গার্ফিয়াই ফ্ৰেন্স অপেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ কৰিছে। কার্লোচ অলকৰাজে কালি ছেমি ফাইনেলত ইটালীৰ জানিক ছিনৰক ২-৬, ৬-৩, ৩-৬, ৬-৪, ৬-৩ ছেটত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰে। ইপিনে, কালি অনুষ্ঠিত আনখন ছেমি ফাইনেলত চতুর্থ বাছনিপ্ৰাপ্ত জাৰ্মানীৰ আলেকজেণ্ডাৰ জেৱৰেভে সপ্তম বাছনিপ্ৰাপ্ত নৰোৱেৰ কেম্পাৰ ৰুদক ৬-২, ৬-৪, ৬-২ ছেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। অলকৰাজ ফাইনেলত কাইলৈ আলেকজেণ্ডাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইফালে, প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ফাইনেল খে...

May 14, 2024 11:39 AM

views 55

ৰোহন বোপন্না-মেথিউ এবডেন ইটালিয়ান অপেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ডাবলছ প্রি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

ভাৰতৰ ৰোহন বোপন্না আৰু অষ্ট্ৰেলিয়াৰ মেথিউ এবডেনৰ যুটীটো ইটালিয়ান অপেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ডাবলছ প্রি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। বোপন্না আৰু এবডেনৰ যুটীটোৱে কালি প্ৰতিযোগিতাৰ এখন খেলত ইটালীৰ ফ্ৰান্সেস্ক' পাছাৰ' আৰু মাতেঅ' অর্নান্ডিক ৬-২, ৬-২ পোনপটীয়া ছেটত পৰাস্ত কৰে। দ্বিতীয় বাছনিপ্ৰাপ্ত বোপন্না আৰু এবডেনৰ যুটীটো আজি প্রি-কোৱাৰ্টাৰ ফাইনেলত ইটালীৰ ছিম’ন ব’লেলি আৰু এন্ড্রিয়া ৱাৱাচ্ছৰিৰ সন্মুখীন হ'ব।