ন’ভাক জক’ভিচে চলিত গ্রেণ্ডশ্লাম টেনিছ প্রতিযোগিতা উইম্বলডনৰ চতুৰ্থ ৰাউণ্ডত প্ৰৱেশ কৰিছে। যোৱানিশা অনুষ্ঠিত পুৰুষৰ একক শাখাৰ তৃতীয় ৰাউণ্ডৰ খেলত ছাৰ্বিয়াৰ তাৰকা খেলুৱৈগৰাকীয়ে ৪-৬, ৬-৩, ৬-৪ আৰু ৭-৬ৰ ব্যৱধানত এলেক্স প’পিৰিণক পৰাস্ত কৰে। ইফালে, অন্য এখন খেলত আলেকজেণ্ডাৰ জেৰভে ৬-৪, ৬-৪ আৰু ৭–৬ৰ ব্যৱধানত কেমেৰুণ ন’ৰিক পৰাস্ত কৰি চতুৰ্থ ৰাউণ্ডত প্ৰৱেশ কৰে। মহিলাৰ একক শাখাৰ তৃতীয় ৰাউণ্ডৰ এখন খেলত ইউলিয়া পুটিন ছেভাইক ৩-৬, ৬-১, ৬-২ৰ ব্যৱধানত শীৰ্ষ বাছনিৰ ইগাক পৰাস্ত কৰি চমক সৃষ্টি কৰে। ইফালে, উইম্বলডনত ভাৰতৰ অন্তিম আশা ৰোহণ বোপান্না আৰু মেথিউ ইবডেন যুটিয়ে পুৰুষৰ ডাবল্ছ শাখাৰ দ্বিতীয় ৰাউণ্ডত পৰাস্ত হৈ বিদায় লৈছে।
Assamese | July 7, 2024 12:02 PM | Tennis
ন’ভাক জক’ভিচ গ্রেণ্ডশ্লাম টেনিছ প্রতিযোগিতা উইম্বলডনৰ চতুৰ্থ ৰাউণ্ডত প্ৰৱেশ