September 5, 2025 12:07 PM

views 51

শোণিতপুৰত চাহ পৰ্যটন আন্তঃগাঁথনি প্ৰচাৰ আৰু বিকাশ প্ৰকল্পৰ শুভাৰম্ভ মুখ্যমন্ত্রীৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি শোণিতপুৰ জিলাৰ ডুৰুং চাহ বাগিচাত ৰূপায়ণ কৰা চাহ পৰ্যটন আন্তঃগাঁথনি প্ৰচাৰ আৰু বিকাশ প্ৰকল্পৰ শুভাৰম্ভ কৰে। চাহ বাগিচাসমূহক পৰ্যটনৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে বাগিচাৰ বাংলোসমূহক অতিথিশালালৈ ৰূপান্তৰিত কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে বিশেষ গুৰুত্ব আৰোপ কৰিছে। ইয়াৰ বাবে বিনিয়োগকাৰী তথা বিলাসী হোটেলৰ গোটসমূহক উদগণি যোগোৱাৰ বাবে নীতি প্ৰস্তুত কৰা হৈছে। ৰাজ্য চৰকাৰৰ এনে পদক্ষেপৰ অংশ হিচাপে ডুৰুং চাহ বাগিচাৰ পুৰণি বাংলো আৰু অতিৰিক্ত ভূমিত দা পোষ্টকার্ড হোটেল ম...

September 4, 2025 12:19 PM

views 47

ৰঙাপৰাৰ শিঙৰিজানৰ দুৰুং চাহ বাগিছাত আজি কেন্দ্রীয় সামূহিক ৰান্ধনী ঘৰৰ আধাৰশিলা স্থাপন কৰা হ’ব

■ শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ শিঙৰিজানৰ দুৰুং চাহ বাগিছাত আজি কেন্দ্রীয় সামূহিক ৰান্ধনী ঘৰৰ আধাৰশিলা স্থাপন কৰা হ'ব। ২৫ কোটি টকা ব্যয় সাপেক্ষে নির্মাণ কৰিবলগীয়া এই সামূহিক ৰান্ধনী ঘৰৰ আধাৰশিলা স্থাপন অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানত ৰঙাপৰাৰ বিধায়ক কৃষ্ণ কমল তাঁতী আৰু অক্ষয় পাত্ৰ ফাউণ্ডেচনৰ অধ্যক্ষ জনার্ধনা দাস উপস্থিত থাকিব। এই কেন্দ্ৰীয় সামূহিক ৰান্ধনী ঘৰৰ জৰিয়তে প্রধানমন্ত্ৰী পোষণ অভিযানৰ অধীনত সমগ্ৰ শিক্ষা অভিযানৰ জৰিয়তে বিদ্যালয়ৰ শি...

July 11, 2025 7:59 PM

views 50

প্রধানমন্ত্রী অনুসূচীত জাতি অভ্যুদয় আঁচনিৰ অধীনত শোণিতপুৰ জিলাত বিনামূলীয়া এবছৰীয়া বৃত্তিমূলক দক্ষতা প্ৰশিক্ষণৰ ব্যৱস্থা

 ৰাজ্য চৰকাৰৰ অনুসূচীত জাতি, পিছপৰা শ্ৰেণীৰ কল্যাণ সঞ্চালকালয় আৰু উত্তৰ-পূব দক্ষতা কেন্দ্ৰৰ সহযোগত শোণিতপুৰ জিলাৰ অনুসূচীত জাতিৰ প্ৰাৰ্থীৰ বাবে প্রধানমন্ত্রী অনুসূচীত জাতি অভ্যুদয় আঁচনিৰ অধীনত বিনামূলীয়াকৈ এবছৰীয়া বৃত্তিমূলক দক্ষতা প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। ২০২৫-২০২৬ শৈক্ষিক বৰ্ষৰ বাবে এই বিনামূলীয়া কাৰ্যসূচীত নামভৰ্তিৰ বাবে অভিযান চলোৱা হ'ব বুলি শোণিতপুৰৰ জিলা উন্নয়ন আয়ুক্তই এখন পত্রযোগে প্ৰকাশ কৰিছে। অহা ১৬ জুলাই পুৱা ১১ বজাৰ পৰা তেজপুৰত থকা জিলা নিয়োগ বিনিময় কেন্দ্ৰত এই নামভৰ্তি ...

May 23, 2025 7:57 PM

views 62

শোণিতপুৰ জিলাত ত্ৰিৰংগ যাত্রা আয়োজন

ভাৰতীয় সেনাবাহিনীৰ সাহসিকতাক সন্মান জনাই আজি শোণিতপুৰ জিলাত ত্ৰিৰংগ যাত্রা আয়োজন কৰা হয়। এই যাত্ৰাত বৰচলা সমষ্টিৰ বিধায়ক গণেশ লিম্বু, তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, ৰঙাপাৰাৰ বিধায়ক কৃষ্ণকমল তাঁতী, বিজেপি জিলাৰ সভানেত্ৰী আদিৰ লগতে ভালসংখ্যক লোকে অংশগ্ৰহণ কৰে। তামুলপুৰ জিলাতো আজি সচেতন নাগৰিক মঞ্চৰ উদ্যোগত আৰু জিলা বিজেপিৰ সহযোগত ৰাজপথত ত্ৰিৰংগ যাত্রা অনুষ্ঠিত হয়। এই উদ্দেশ্যে তামুলপুৰৰ ঘগ্ৰা চকৰ পৰা গোৰেশ্বৰ চকলৈ প্ৰায় পাঁচ শহস্রাধিক লোকে হাতে হাতে ত্ৰিৰংগ লৈ দেশপ্ৰেমমূলক গীতেৰে তামুলপুৰৰ...

February 28, 2025 1:22 PM

views 47

শোণিতপুৰৰ জিলা আয়ুক্তৰ উদ্যোগত অনুষ্ঠিত বুজাবুজিৰ চুক্তি স্বাক্ষৰ অনুষ্ঠানত ৭৩ টা উদ্যোগৰ বিনিয়োগকাৰীৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰিত

উদ্যোগীকৰণ আৰু ঔদ্যোগিক বিকাশৰ লক্ষ্যৰে শোণিতপুৰৰ জিলা আয়ুক্তৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত বুজাবুজিৰ চুক্তি স্বাক্ষৰ অনুষ্ঠানৰ কালি সামৰণি পৰে। এই অনুষ্ঠানত মুঠ ৭৩ টা উদ্যোগৰ বিনিয়োগকাৰীৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। এই বিনিয়োগৰ ফলত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে এহেজাৰ নিবনুৱা যুৱক-যুৱতীৰ সংস্থাপনৰ পথ মুকলি হ'ব বুলি আশা কৰা হৈছে। এই বিনিয়োগকাৰীসকলক জিলাৰ বিভিন্ন অঞ্চলত মাটি আবণ্টন দিবলৈ ভূমি বেংক স্থাপন কৰা হৈছে। বুজাবুজিৰ চুক্তি স্বাক্ষৰ অনুষ্ঠানত জিলা প্ৰশাসনে অনুকুল ব্যৱসায...

February 7, 2025 9:11 PM

views 27

শোণিতপুৰ জিলা আয়ুক্তৰ অধ্যক্ষতাত আজি জিলা উন্নয়ন সমিতিৰ মাহিলী বৈঠক অনুষ্ঠিত

শোণিতপুৰ জিলা আয়ুক্তৰ অধ্যক্ষতাত আজি জিলা উন্নয়ন সমিতিৰ মাহিলী বৈঠক অনুষ্ঠিত হয়। বৈঠকত স্বাস্থ্য, পানীযোগান, বিনিয়োগ, শিক্ষা আৰু বিভিন্ন আঁচনি ৰূপায়ণৰ অগ্ৰগতি সন্দৰ্ভত আলোচনা কৰা হয়৷ জিলাখনৰ গৰ্ভৱতী মহিলাসকলৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি ৰক্তহীনতা প্ৰতিৰোধ, প্ৰতিষ্ঠানিক প্ৰসৱ নিশ্চিতকৰণ আৰু সম্পূৰ্ণ প্ৰতিষেধক নিশ্চিতকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়৷ আজিৰ বৈঠকতে এডভান্টেজ আচামৰ লগত সংগতি ৰাখি অহা ১০ ফেব্ৰুৱাৰীত শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ যৌথ বিনিয়োগ কৰ্মশালা আয়োজনৰ বিষয়ত সবিশেষ আলোচনা কৰা...

December 24, 2024 1:32 PM

views 63

৩ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আজি তেজপুৰ সাহিত্য উৎসৱ-২০২৪ আৰম্ভ

শোণিতপুৰ জিলা প্ৰশাসন আৰু তেজপুৰবাসীৰ সহযোগত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আজি তেজপুৰ সাহিত্য উৎসৱ-২০২৪ আৰম্ভ হৈছে। ৰাজ্যৰ সাহিত্য জগতৰ কবি-সাহিত্যিকৰ লগতে দেশৰ বিভিন্ন ৰাজ্যৰ সাহিত্যিক, কলা-সাহিত্য অনুৰাগীৰ সমাৱেশেৰে ‘পৰিধি অতিক্ৰমী আকৌ এবাৰ' শীৰ্ষক বিষয়বস্তুৰে এই সাহিত্য উৎসৱ অনুষ্ঠিত হ'ব। আজিৰ প্ৰথম দিনাৰ কাৰ্যসূচীত মুখ্য অতিথিৰূপে অৱসৰপ্ৰাপ্ত লেফটেণেণ্ট জেনেৰেল তথা সপ্তম অসম ৰাজ্যিক বিত্ত আয়োগৰ অধ্যক্ষ ৰাণা প্ৰতাপ কলিতাই অংশগ্রহণ কৰিব। আনহাতে, সাহিত্য উৎসৱৰ দ্বিতীয় দিনা কাইলৈ হ'বলগীয়া...

December 10, 2024 6:57 PM

views 73

জামুগুৰিহাটত ছহিদ দিৱসত ১৫৯টা ছহিদ পৰিয়ালক সম্বৰ্ধনা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ

ঐতিহাসিক অসম আন্দোলনৰ ৮৬০ গৰাকী ছহিদ স্মৃতিত শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে আজি ৰাজ্যৰ বিভিন্ন স্থানত ছহিদ দিৱস পালন কৰা হয়। শোণিতপুৰ জিলাৰ জামুগুৰিহাটত আজি ভাৰতীয় জনতা যুৱ মৰ্চা, অসম প্ৰদেশৰ উদ্যোগত কেন্দ্রীয়ভাৱে আয়োজিত ছহিদ দিৱসত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰি ১৫৯টা ছহিদ পৰিয়ালক সম্বৰ্ধনা জনায়। মুখ্যমন্ত্ৰীয়ে অসম আৰু অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ বাবে আত্মবলিদান দিয়া অসম আন্দোলনৰ ছহিদসকলৰ প্ৰতি শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। অসমৰ জাতীয় জীৱনৰ জটিল সন্ধিক্ষণত সূত্ৰপাত হোৱা অসম আন্দোল...

November 12, 2024 6:01 PM

views 47

শোণিতপুৰত কাৰ্যালয় ব্যৱস্থা, বিত্ত আৰু একাউণ্ট সম্পৰ্কীয় বিষয়ত বিশেষ কাৰ্যসূচী আৰম্ভ

শোণিতপুৰ জিলাৰ তৃতীয় শ্রেণীৰ কৰ্মচাৰীৰ বাবে কাৰ্যালয় ব্যৱস্থা, বিত্ত আৰু একাউণ্ট সম্পৰ্কীয় বিষয়ত বিশেষ কাৰ্যসূচী আজি আৰম্ভ হৈছে। অসম প্ৰশাসনিক কৰ্মচাৰী মহাবিদ্যালয় আৰু জিলা প্ৰশাসনৰ সহযোগত আয়োজিত এই চাৰিদিনীয়া কাৰ্যসূচী জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি উদ্বোধন কৰা হয়। উদ্বোধনী ভাষণত জিলা আয়ুক্তগৰাকীয়ে এই প্ৰশিক্ষণৰ গুৰুত্বৰ কথা উল্লেখ কৰি অংশগ্ৰহণকাৰী সকলক এই কার্যসূচীত অংশগ্রহণ কৰাৰ বাবে উৎসাহিত কৰে। তেওঁ কয় যে কাৰ্য সাধনৰ মুখ্য বিষয়বোৰ বুজিলে জনসাধাৰণৰ প্ৰতি সেৱা আৰু অধিক উন্নত হ'ব। জি...

November 7, 2024 1:11 PM

views 51

শোণিতপুৰ জিলা কৃষি বিভাগৰ উদ্যোগত ৰবি শস্যৰ বীজ বিতৰণ কাৰ্যসূচী আৰম্ভ

শোণিতপুৰ জিলা কৃষি বিভাগৰ উদ্যোগত তেজপুৰ মাজগাঁও যুটীয়া সঞ্চালকালয়ৰ কাৰ্যালয়ত কালি ৰবি শস্যৰ বীজ বিতৰণ কাৰ্যসূচী আৰম্ভ কৰা হয়। তেজপুৰৰ ডিপোটা আৰু ঘোঁৰামাৰি কৃষি চক্ৰৰ কৃষকসকলৰ মাজত বীজ বিতৰণ কৰা হয়। অনুষ্ঠানত তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই সৰিয়হ, মটৰ, ঘেঁহু, মচুৰমাহৰ বীজ কৃষকসকলৰ মাজত বিতৰণ কৰে। বিতৰণ কাৰ্যসূচীত জিলা উন্নয়ন আয়ুক্ত যুটীয়া কৃষি সঞ্চালক, সহকাৰী কৃষি সঞ্চালকৰ লগতে বহুগৰাকী বিষয়াও উপস্থিত থাকে। অনুষ্ঠানত বীজ বিতৰণৰ লগতে মহকুমা কৃষি বিষয়াই আধুনিক পদ্ধতিৰে পিঁয়াজত খেতি কৰা...