September 22, 2026 4:25 PM
19
ভাৰতৰ স্মৃতি মান্ধানাই মহিলা আন্তর্জাতিক ক্রিকেটত ১১ হাজাৰ ৰান সম্পূৰ্ণ কৰা বিশ্বৰ প্ৰথমগৰাকী ক্ৰিকেটাৰ হিচাপে ইতিহাস গঢ়িবলৈ সমৰ্থ
ভাৰতৰ স্মৃতি মান্ধানাই মহিলা আন্তর্জাতিক ক্রিকেটত ১১ হাজাৰ ৰান সম্পূৰ্ণ কৰা বিশ্বৰ প্ৰথমগৰাকী ক্ৰিকেটাৰ হিচাপে ইতিহাস গঢ়িবলৈ সমৰ্থ হৈছে। জাপানত চলি থকা এছিয়ান গেমছত মহিলা ক্ৰিকেটৰ নিচিনৰ কৰগি ক্রীড়া উদ্যানত অনুষ্ঠিত ফাইনেলত শ্ৰীলংকাৰ বিৰুদ্ধে তেওঁ এই অভিলেখ গঢ়ে। ফাইনেলত শ্ৰীমতী মান্ধানাই ৩ টা ৬ আৰু ৩ টা ৪ ৰ সহায়ত প্ৰথম ৪ টা অভাৰত ভাৰতক সুন্দৰ অগ্ৰগতি দিয়ে। স্মৃতি মান্ধানাই ভাৰতৰ মহিলা ক্রিকেট দলৰ প্ৰাক্তন অধিনায়ক মিতালী ৰাজৰ ১০ হাজাৰ ৮৬৮ ৰানৰ অভিলেখ ভংগ কৰে।