ভাৰতৰ স্মৃতি মন্ধানাই মহিলাৰ এদিনীয়া ক্রিকেটৰ বাচনি তালিকাত শীর্ষ স্থান লাভ কৰিছে। মান্ধানাই ৮২৮ পইন্টেৰে এই কীৰ্তিত্ব অর্জন কৰিছে। মান্ধানা দ্বিতীয় স্থানত থকা অস্ট্রেলিয়াৰ এছলে গার্ডেনাৰতকৈ এশ পইন্ট আগবাঢ়ি আছে। মান্ধানাই আই চি চি মহিলা এদিনীয়া বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত নিউজিলেণ্ডৰ বিৰুদ্ধে ১০৯ ৰাণ আৰু বাংলাদেশৰ বিৰুদ্ধে অপৰাজিত ৩৪ ৰাণ সংগ্ৰহ কৰিছে। খেলুৱৈগৰাকী যোৱা চেপ্তেম্বৰত মাহটোৰ আই চি চি মহিলা খেলুৱৈৰূপে ঘোষণা কৰা হৈছিল।
Assamese | October 28, 2025 8:50 PM | Smriti Mandhana
ভাৰতৰ স্মৃতি মন্ধানাৰ মহিলাৰ এদিনীয়া ক্রিকেটৰ বাচনি তালিকাত শীর্ষ স্থান লাভ