December 23, 2024 12:30 PM | Smriti Mandhana

printer

ভাৰতীয় অপেনাৰ স্মৃতি মান্ধানা এই বৰ্ষৰ সৰ্বাধিক ৰাণ কৰা খেলুৱৈ ৰূপে পৰিগণিত

ভাৰতীয় অপেনাৰ স্মৃতি মান্ধানাই কালি মহিলা ক্রিকেটত নতুন অভিলেখ গঢ়ে । বদোদৰাত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত ৯১ ৰাণ কৰি মান্ধানাই ২০২৪ বৰ্ষত সামগ্ৰিকভাৱে সংগ্ৰহ কৰা ১,৬০২ ৰানৰ জৰিয়তে দক্ষিণ আফ্ৰিকাৰ লৌৰা ৱ‘লভাৰ্টৰ ১,৫৯৩ ৰাণৰ অতিক্ৰম কৰি একেটা কেলেণ্ডাৰ বৰ্ষত সৰ্বাধিক ৰাণ কৰা খেলুৱৈ ৰূপে পৰিগণিত হয়। মাত্র ৩৬ খন খেলতে খেলুৱৈগৰাকী এই অভিলেখৰ গৰাকী হৈছে। ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে শৃংখলাৰ দুখন খেল বাকী থকা অৱস্থাত তেওঁ নিজৰ ৰানৰ পৰিমাণ অধিক বৃদ্ধি কৰাৰ সুযোগ পাব। উল্লেখযোগ্য যে চলিত মাহতে টি-টুৱেণ্টিত ৭৬৩ ৰাণেৰে মান্ধানাই এটা কেলেণ্ডাৰ বৰ্ষত সৰ্বাধিক ৰাণ কৰাৰ উপৰি মহিলা টি-টুৱেন্টি ক্রিকেটত সর্বাধিক অর্ধশতকৰো অভিলেখ গঢ়িবলৈ সমৰ্থ হৈছিল।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।