September 23, 2026 8:12 PM
6
বডোডৰাৰ মহাৰাজা ছায়াজীৰাও বিশ্ববিদ্যালয়ৰ ৭৫ সংখ্যক সমাৱর্তনত ৰাষ্ট্ৰপতিৰ অংশগ্ৰহণ
ৰাষ্ট্রপতি শ্রীমতী দ্রৌপদী মুৰ্মুৱে কয়, যে ২০৪৭ চনৰ ভিতৰত যুৱ প্ৰজন্মৰ প্ৰচেষ্টাৰ জৰিয়তে ভাৰত এখন বিকশিত দেশ হিচাপে গঢ় লৈ উঠিব। বডোডৰাৰ মহাৰাজা ছায়াজীৰাও বিশ্ববিদ্যালয়ৰ ৭৫ সংখ্যক সমাৱর্তনত উপস্থিত থাকি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে শিক্ষাই প্রকৃত অর্থ তেতিয়াহে বহন কৰে যেতিয়া দেশ আৰু সমাজৰ উন্নতিৰ হকে ইয়াক ব্যৱহাৰ কৰিব পৰা যায়। শ্রীমতী মুর্মুৱে কয় যে প্রযুক্তিবিদ্যাৰ ক্ষেত্ৰত দেশত প্রতিদিনে নতুনৰ সংযোগ ঘটিবলৈ ধৰিছে। তেওঁ লগতে কয় যে বিভিন্ন ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পৰাকৈ বৰ্তমানৰ সময়ত বহুবোৰ অনুশ...