ৰাষ্ট্রপতি শ্রীমতী দ্রৌপদী মুর্মুৱে ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতৰ দৃষ্টিভংগীক বাস্তৱায়িত কৰাত সহায়ক হোৱাকৈ দেশৰ যুৱ প্ৰজন্মক নিষ্ঠা, সততা আৰু নৈতিক আদৰ্শৰে শ্ৰেষ্ঠত্ব অৰ্জনৰ পথত ব্রতী হ’বলৈ আহ্বান জনাইছে। অনন্তপুৰত আজি অন্ধ্রপ্রদেশ কেন্দ্রীয় বিশ্ববিদ্যালয়ৰ প্ৰথম সমাবর্তন সমাৰোহত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে যুৱ প্ৰজন্মৰ শক্তি, প্রতিভা আৰু প্রতিশ্রুতিবদ্ধতাই এখন সর্বাত্মক আৰু প্ৰগতিশীল ৰাষ্ট্ৰ গঢ়াত নির্ণায়ক ভূমিকা পালন কৰে। আজিৰ সমাৱৰ্তন সমাৰোহত ডিগ্রী লাভ কৰা শিক্ষাৰ্থীসকলক অভিনন্দন জ্ঞাপন কৰি শ্ৰীমতী মুর্মুৱে কয়, যে এই সমাৰোহ নবগঠিত বিশ্ববিদ্যালয়খনৰ যাত্ৰাত অন্যতম মাইলৰ খুটিৰূপে পৰিগণিত হব।
আজি ডিগ্রী লাভ কৰা শিক্ষার্থীসকলৰ ভিতৰত ছাত্ৰীসকলে ছাত্রতকৈ বেছি পদক লাভ কৰা বুলি উল্লেখ কৰি তেওঁ কয় যে ই আমাৰ দেশত বর্তমানে উঠি অহা যুৱতীসকলৰ মনৰ প্ৰৱল দৃঢ়তা আৰু আকাংক্ষাক প্রতিফলিত কৰিছে। একোটা ডিগ্রী লাভতেই শিক্ষাৰ অন্ত নপৰে বুলি উল্লেখ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে শিক্ষার্থীসকলক নতুন নতুন প্ৰযুক্তিৰ সৈতে নিজকে খাপ খুৱাই নতুন চিন্তা আৰু উদ্ভাৱনৰ দিশত আগবাঢ়ি যাবলৈ উৎসাহিত কৰে। সততা, সহমর্মিতা, সহানুভুতিশীলতা আৰু প্ৰকৃতিৰ প্ৰতি সন্মানেই হৈছে বহনক্ষম আৰু সর্বাঙ্গীন বিকাশৰ ভেটি বুলিও তেওঁ লগতে কয়। ৰাষ্ট্ৰপতিগৰাকীয়ে ছাত্র-ছাত্রীসকলক তেওঁলোকে আহৰণ কৰা জ্ঞান সমাজৰ হিতার্থে প্ৰয়োগ কৰিবলৈ আহ্বান জনায়। উল্লেখযোগ্য যে আজিৰ সমাবর্তন সমাৰোহত মুঠ এহেজাৰ ২৬৮ গৰাকী ছাত্ৰ ছাত্ৰীলৈ স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰীৰ প্ৰমাণপত্ৰ প্ৰদান কৰা হয়।