ৰাষ্ট্রপতি শ্রীমতী দ্রৌপদী মুৰ্মুৱে কয়, যে ২০৪৭ চনৰ ভিতৰত যুৱ প্ৰজন্মৰ প্ৰচেষ্টাৰ জৰিয়তে ভাৰত এখন বিকশিত দেশ হিচাপে গঢ় লৈ উঠিব। বডোডৰাৰ মহাৰাজা ছায়াজীৰাও বিশ্ববিদ্যালয়ৰ ৭৫ সংখ্যক সমাৱর্তনত উপস্থিত থাকি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে শিক্ষাই প্রকৃত অর্থ তেতিয়াহে বহন কৰে যেতিয়া দেশ আৰু সমাজৰ উন্নতিৰ হকে ইয়াক ব্যৱহাৰ কৰিব পৰা যায়। শ্রীমতী মুর্মুৱে কয় যে প্রযুক্তিবিদ্যাৰ ক্ষেত্ৰত দেশত প্রতিদিনে নতুনৰ সংযোগ ঘটিবলৈ ধৰিছে। তেওঁ লগতে কয় যে বিভিন্ন ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব পৰাকৈ বৰ্তমানৰ সময়ত বহুবোৰ অনুশীলনমূলক দিশত কাম কৰাৰ প্ৰয়োজন আহি পৰিছে। তেওঁ লগতে কয় যে বৰ্তমানৰ যুগত মহিলাসকলে শিক্ষাকে ধৰি আন বহুতো দিশত বিভিন্ন ধৰণেৰে অংশগ্ৰহণ কৰা দেখা গৈছে।
সমাৱৰ্তনৰ এই কাৰ্যসূচীত ৰাষ্ট্ৰপতিগৰাকীয়ে ১২ হাজাৰ ৬০০ৰ অধিক ছাত্ৰ-ছাত্ৰীলৈ শৈক্ষিক ডিগ্রী প্রদান কৰে আৰু ১৬০ জন ছাত্র-ছাত্রীক ২০১ টা সোণৰ পদক প্রদান কৰে। অনুষ্ঠানত উপস্থিত থকা ৰাজ্যখনৰ ৰাজ্যপাল আচাৰ্য্য দেৱব্ৰতে ডিগ্রী লাভ কৰা সকলো ছাত্র-ছাত্রীলৈ শুভেচ্ছা জ্ঞাপন কৰে। উল্লেখযোগ্য যে দুদিনীয়া ভ্রমণসূচীৰে গুজৰাট ভ্ৰমণৰত ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৱে আজি ব্রহ্মাকুমাৰী সংস্থাৰ বিশ্বৰ পুনৰ নিৰ্মাণৰ বাবে আধ্যাত্মিক জাগৃতি অভিযান মুকলি কৰে আৰু বডোডৰাৰ গোলকীয় আধ্যাত্মিক প্রাসাদ উদ্বোধন কৰে। অনুষ্ঠানত ভাষণ দি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে দেশত বর্তমান সততা, কর্তব্য নিষ্ঠা, অনুকম্পা আৰু দেশপ্ৰেমেৰে উদ্বুদ্ধ হৈ কাম কৰিব পৰা যুৱ প্ৰজন্মৰ প্ৰয়োজন। তেওঁ লগতে যোগ সেৱা, ধ্যান, অহিংসা আৰু বসুধৈৱ কুটুম্বকমৰ আদৰ্শৰ কথা উল্লেখ কৰি কয় যে পৃথিৱীবাসীলৈ ভাৰতে এই অমূল্য আদর্শসমূহ আগবঢ়াই সমগ্র পৃথিৱীক এক পৰিয়াল হিচাপে গঢ়ি তুলিবলৈ সমর্থ হৈছে।