November 4, 2025 3:31 PM

views 67

নেইনিতালৰ কেইঞ্চি ধামত অৱস্থিত নীম কৰ’লী বাবাৰ আশ্ৰম দৰ্শন ৰাষ্ট্ৰপতি মুৰ্মুৰ

● ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি পুৱা নেইনিতালৰ কেইঞ্চি ধামত অৱস্থিত নীম কৰ’লী বাবাৰ আশ্ৰম দৰ্শন কৰিব। শ্রীমতী মুৰ্মুৰ এই ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত আন ভক্তসকলক দিনৰ ১২ বজাৰ পাছত আশ্ৰম দৰ্শনৰ বাবে আহিবলৈ আশ্ৰম পৰিচালনা কৰ্তৃপক্ষই ইতিমধ্যে আহ্বান জনাইছে। তিনিদিনীয়া উত্তৰাখণ্ড ভ্রমণসূচীৰে ৰাষ্ট্ৰপতিগৰাকী কালি নেইনিতালত উপস্থিত হৈছে আৰু আজি তেওঁ কুমাউ বিশ্ববিদ্যালয়ৰ ২০ সংখ্যক দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ কৰিব।

October 24, 2025 9:12 PM

views 65

২০৪৭ চনৰ ভিতৰত ভাৰতবৰ্ষৰ বিকশিত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ সপোন বাস্তৱায়িত কৰাৰ বাবে মহিলাসকলৰ সক্ৰিয় অংশগ্রহণ জৰুৰীঃ ৰাষ্ট্ৰপতি

২০৪৭ চনৰ ভিতৰত ভাৰতবৰ্ষৰ বিকশিত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ সপোন বাস্তৱায়িত কৰাৰ বাবে মহিলাসকলৰ সক্ৰিয় অংশগ্রহণ জৰুৰী বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মৱে মন্তব্য কৰিছে। কেৰালাৰ এনাকুলামত আজি ছেইণ্ট টেৰেছা মহাবিদ্যালয়ৰ শতবার্ষিকী উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰি শ্ৰীমতী মুৰ্মৱে কয় যে মহিলাৰ নেতৃত্বৰ সমাজ অধিক মানৱীয় আৰু ফলপ্ৰসূ হ'ব। ৰাষ্ট্ৰপতিগৰাকীয়ে তেওঁৰ ভাষণত ৰাষ্ট্রগঠন আৰু আৰ্থসামাজিক সংস্কাৰৰ ক্ষেত্ৰত উৎকৃষ্টতাৰ নিদৰ্শন দাঙি ধৰা কেৰালাৰ মহিলাসকলৰ কথা স্মৰণ কৰে। বিগত কেইবা দশকো ধৰি মহিলাসকল...

October 17, 2025 12:37 PM

views 57

ৰাষ্ট্ৰপতি মুৰ্মুৱে দিল্লীত আদি কৰ্মযোগী অভিযানৰ ৰাষ্ট্ৰীয় সন্মিলনত অংশগ্ৰহণ কৰিব

● ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত হ'বলগীয়া আদি কৰ্মযোগী অভিযানৰ ৰাষ্ট্ৰীয় সন্মিলনত অংশগ্ৰহণ কৰিব। জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ে বিকশিত ভাৰতৰ দৃষ্টিভংগীৰ আধাৰত এই সন্মিলনৰ আয়োজন কৰিছে। প্ৰধানমন্ত্ৰী জনমন আৰু ধৰতী আবা অভিযানৰ সহযোগত এই সন্মিলনৰ আয়োজন কৰা হৈছে। অনুষ্ঠানত কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰাম, জনজাতি পৰিক্ৰমা বিভাগৰ ৰাজ্যমন্ত্ৰী, কেন্দ্ৰীয় আৰু ৰাজ্যিক সচিব, জিলা দণ্ডাধীশ, মূল প্রশিক্ষক আৰু দেশৰ বিভিন্ন প্ৰান্তৰ আদি সহযোগী প্রতিনিধিসকলে ভাগ ল'ব। এই সন্...

October 13, 2025 8:24 PM

views 81

ৰাষ্ট্ৰপতি ভৱনত লাডাখৰ এদল মহিলা আৰু বয়োজ্যেষ্ঠক সাক্ষাৎ ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুৰ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে আজি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত লাডাখৰ এদল মহিলা আৰু বয়োজ্যেষ্ঠক সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ৰাষ্ট্ৰীয় সংহতি ভ্ৰমণৰ অংশ হিচাপে এই দলটোৱে ৰাষ্ট্ৰপতি ভৱন পৰিদৰ্শন কৰে। মঙ্গোলীয়াৰ ৰাষ্ট্ৰপতি খুৰেলসুখ উখ্না আজি ৪ দিনীয়া ভ্ৰমণসূচীৰে নতুন দিল্লীত উপস্থিত হয়। কেন্দ্রীয় অসামৰিক বিমান পৰিবহন ৰাজ্যমন্ত্ৰী মুৰলীধৰ মোহলে তেখেতক বিমান বন্দৰত আদৰণি জনায়। মঙ্গোলীয়াৰ ৰাষ্ট্ৰপতিগৰাকীৰ লগত দেশখনৰ কেবিনেট মন্ত্রী, সাংসদ, জ্যেষ্ঠ বি...

October 1, 2025 9:09 PM

views 66

বিজয়া দশমীৰ প্ৰাক্-ক্ষণত ৰাষ্ট্ৰপতি দ্রৌপদী মৰ্মুৰ দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন

বিজয়া দশমীৰ প্ৰাক্-ক্ষণত ৰাষ্ট্ৰপতি দ্রৌপদী মৰ্মুৱে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে। ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে দুর্গোৎসৱ হৈছে, অধৰ্মৰ ওপৰত ধৰ্মৰ বিজয়ৰ প্ৰতীক। এই উৎসৱে মানুহক সত্য আৰু ন্যায়ৰ পথ অনুসৰণ কৰিবলৈ অনুপ্ৰাণিত কৰে। দেশৰ বিভিন্ন প্ৰান্তত উদযাপন কৰা ৰাৱণ দাহন আৰু দুর্গা পূজাই জাতীয় মূল্যবোধৰ প্ৰতিফলন ঘটায় বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে। ন্যায়, সমতা আৰু সমন্বয়ৰ ধাৰণাৰে দেশবাসীক একেলগে উন্নতিৰ দিশে অগ্ৰসৰ হবলৈ ৰাষ্ট্ৰপতিগৰাকীয়ে আহ্বান জনায়।

September 25, 2025 10:04 PM

views 51

কাইলৈ ৰাষ্ট্ৰপতি মুৰ্মুৱে ৰাষ্ট্ৰীয় ভূ-বিজ্ঞান বঁটা, ২০২৪ প্ৰদান কৰিব

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কাইলৈ নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱন সাংস্কৃতিক কেন্দ্ৰত আয়োজিত এটা অনুষ্ঠানত সন্মানীয় ৰাষ্ট্ৰীয় ভূ-বিজ্ঞান বঁটা, ২০২৪ প্ৰদান কৰিব। ৰাষ্ট্ৰীয় ভূ-বিজ্ঞান বঁটা দেশৰ পুৰণি আৰু সন্মানীয় বঁটাসমূহৰ ভিতৰত অন্যতম। ভূ-বিজ্ঞানৰ বিভিন্ন ক্ষেত্ৰত অসাধাৰণ কৃতিত্ব আৰু অৱদান আগবঢ়োৱাৰ বাবে ব্যক্তিগত আৰু দলীয়ভাৱে এই সন্মান আগবঢ়োৱা হয়। খনি মন্ত্ৰালয়ে প্রত্যেক বছৰে তিনিটা শাখাত এই বঁটাসমূহ প্ৰদান কৰে। এই বঁটাসমূহ হৈছে – আজীৱন কৃতিত্বৰ বাবে ৰাষ্ট্ৰীয় ভূ-বিজ্ঞান বঁটা, ৰাষ্...

September 8, 2025 9:19 PM

views 83

ভাৰতক বিশ্বৰ ভিতৰতে জ্ঞান আৰু বাণিজ্যৰ অগ্ৰণী কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ দেশৰ জনসাধাৰণৰ প্ৰতি ৰাষ্ট্ৰপতি মুৰ্মুৰ আহ্বান

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে ভাৰতক বিশ্বৰ ভিতৰতে জ্ঞান আৰু বাণিজ্যৰ অগ্ৰণী কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ দেশৰ জনসাধাৰণৰ প্ৰতি আহ্বান জনাইছে। ৰাষ্ট্ৰপতিগৰাকীয়ে আজি নতুন দিল্লীত অভিযান্ত্ৰিক ৰপ্তানি বিকাশ পৰিষদ ই ই পি চিৰ মহাৰ্জত জয়ন্তী উদযাপন অনুষ্ঠানত দিয়া ভাষণত এনেদৰে প্ৰকাশ কৰে। শ্ৰীমতী মুৰ্মুৱে ভাৰতীয় অর্থনীতি আত্মনিৰ্ভৰ হোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লগতে ৰপ্তানিৰ ক্ষেত্ৰত উন্নয়ন সাধনৰ বাবে আহ্বান জনায়। তেওঁ লগতে কয়, যে দেশত উপলব্ধ অনন্য প্রতিভা তথা সামৰ্থসমূহৰ উপযুক্ত প্রয়োগেৰে ব...

September 5, 2025 8:52 PM

views 47

প্ৰাকৃতিক দুৰ্যোগৰ সময়ত সমগ্ৰ দেশত সাহায্য আৰু উদ্ধাৰ অভিযানত জড়িত হোৱা লোকসকলৰ কৰ্মস্পৃহাক ৰাষ্ট্ৰপতি মুৰ্মুৰ প্ৰশংসা

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত সমগ্ৰ দেশত সাহায্য আৰু উদ্ধাৰ অভিযানত জড়িত হোৱা লোকসকলৰ কৰ্মস্পৃহাক প্ৰশংসা কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমতী মুৰ্মুৱে চলিত বৰ্ষৰ বৰ্ষাকালৰ এই সময়ছোৱাত প্ৰাকৃতিক দুৰ্যোগৰ ঘটনাসমূহক লৈ গভীৰ উদ্বেগ প্রকাশ কৰিছে। দেশৰ উত্তৰাখণ্ড, হিমাচল প্ৰদেশ, জম্মু আৰু কাশ্মীৰ, পাঞ্জাৱ আৰু অসমকে ধৰি বিভিন্ন প্ৰান্তৰ পাহাৰীয়া অঞ্চলত হোৱা ডাৱৰ বিস্ফোৰণ আৰু ভৈয়াম অঞ্চলত হোৱা বানৰ ফলত ভালেমান লোকে প্ৰাণ হেৰুওৱাক লৈ ৰাষ্ট্ৰপতিগৰাকীযে দুখ প্ৰকাশ ...

September 5, 2025 6:42 PM

views 68

দিল্লীৰ বিজ্ঞান ভৱনত ৰাষ্ট্ৰীয় কৃতী শিক্ষক বঁটাসমূহ প্ৰদান ৰাষ্ট্ৰপতি মুর্মুৰ

সমগ্র দেশত আজি শিক্ষক দিৱস উদযাপন কৰা হৈছে। শিক্ষাবিদ তথা প্ৰাক্তন ৰাষ্ট্ৰপতি ড° সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ জন্মবার্ষিকীৰ লগত সংগতি ৰাখি প্ৰতি বছৰে ৫ ছেপ্তেম্বৰত এই দিৱস পালন কৰা হয়। এই উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত ৰাষ্ট্ৰীয় কৃতী শিক্ষক বঁটাসমূহ প্ৰদান কৰে। এই বঁটা প্ৰদান অনুষ্ঠানত ৰাষ্ট্ৰপতিগৰাকীয়ে নাৰীসকলৰ উন্নতিৰ বাবে কন্যা সন্তানক শিক্ষা প্ৰদান কৰাত অধিক গুৰুত্ব আৰোপ কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে কন্যা সন্তানৰ শিক্ষাৰ বিষয়টোৱে সৰ্বাধিক অগ্ৰাধিকাৰ...

August 16, 2025 5:31 PM

views 60

ৰাষ্ট্ৰপতি ভৱন চৌহদত গুলঞ্চ বাগিচা, বট বৃক্ষ নিকুঞ্জ আৰু কল্লোলিত নিজৰা উদ্বোধন ৰাষ্ট্ৰপতি মুৰ্মুৰ

ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৰে আজি ৰাষ্ট্ৰপতি ভৱন চৌহদত গুলঞ্চ বাগিচা, বট বৃক্ষ নিকুঞ্জ আৰু কল্লোলিত নিজৰা উদ্বোধন কৰে। সামাজিক মাধ্যমৰ এটা পোষ্টত ৰাষ্ট্ৰপতি মুৰ্মুৱে গুলঞ্চ বাগিচা, বৃক্ষ নিকুঞ্জ আৰু কল্লোলিত নিজৰা অমৃত উদ্যানত সংযোজিত হোৱা বুলি প্ৰকাশ কৰে। অমৃত উদ্যান ১৪ ছেপ্তেম্বৰলৈ সাধাৰণ ৰাইজৰ বাবে খোলা থাকিব।