March 20, 2025 4:08 PM

views 43

কেন্দ্ৰীয় চৰকাৰে দক্ষিণ ভাৰতত কোনো অন্যায় কাৰ্যৰ সমৰ্থন নকৰেঃ প্রহ্লাদ যোশী

কেন্দ্রীয় মন্ত্রী প্রহ্লাদ যোশীয়ে কয় যে ডি এম কে দলে তামিলনাডুত নিজৰ বিফলতা লুকুৱাবৰ বাবে সংসদত প্ৰস্তাৱিত সমষ্টি পুনৰনিৰ্ধাৰণৰ বিষয়টো উত্থাপন কৰিছে। সদনৰ বাহিৰত আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে দক্ষিণ ভাৰতত কোনো অন্যায় কাৰ্যৰ সমৰ্থন নকৰে। লোকপিয়লৰ পাছতহে সমষ্টি পুনৰনিৰ্ধাৰণৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি শ্ৰীযোশীয়ে প্ৰকাশ কৰে।

December 28, 2024 9:33 PM

views 60

কেব চালকসকলে ভিন ভিন ভাৰা লোৱা অভিযোগৰ তদন্তৰ নিৰ্দেশ কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীৰ

কেন্দ্ৰীয় গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে কেন্দ্ৰীয় গ্ৰাহক সুৰক্ষা প্ৰাধিকৰণক কেব চালকসকলে ভিন ভিন ভাৰা লোৱা বুলি উঠা অভিযোগৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিছে। কেব চালকসকলে এণ্ড্ৰইড আৰু এপ্‌প সঁজুলি ব্যৱহাৰকাৰীসকলৰ পৰা একেই যাত্ৰা পথৰ বাবে ভিন ভিন ভাৰা লোৱা বুলি অভিযোগ উঠিছে। শ্রীযোশীয়ে সামাজিক মাধ্যমযোগে কৈছে, যে তেওঁ কেন্দ্ৰীয় গ্রাহক সুৰক্ষা প্ৰাধিকৰণক এই ঘটনাৰ বিশদ তদন্ত কৰিবলৈ আৰু শীঘ্ৰেই প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে। তেওঁ লগতে গ্রাহক পৰিক্ৰমা, খাদ্য আৰু...

October 28, 2024 7:39 PM

views 51

ধান বনা কলত উৎপাদিত সামগ্রী ক্রয় কৰিবলৈ চৰকাৰ প্ৰতিশ্রুতিবদ্ধ বুলি কৃষকক আশ্বাস মন্ত্ৰী প্ৰহ্লাদ যোশীৰ

গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে চৰকাৰে ধান বনা কলত উৎপাদিত সকলো সামগ্রী ক্রয় কৰিবলৈ প্ৰতিশ্রুতিবদ্ধ বুলি কৃষকসকলক আশ্বাস দিছে। নতুন দিল্লীত আজি ধান বনা কলৰ স্বত্বাধিকাৰীসকলৰ বাবে ভাৰতীয় খাদ্য নিগমৰ অভিযোগ নিৰাময় ব্যৱস্থাৰ প'ৰ্টেল মুকলি কৰি মন্ত্ৰীগৰাকীয়ে এইদৰে কয়। তেওঁ কয় যে পঞ্জীয়নৰ পৰা আৰম্ভ কৰি সমাধানলৈকে সকলো ব্যৱস্থা এতিয়া অনলাইনত কৰা হ'ব। তেওঁ কৃষকসকলক তেওঁলোকৰ প্ৰতিটো অভিযোগ স্বচ্ছ প্ৰক্ৰিয়াৰে সমাধান কৰা হ'ব বুলিও আশ্বাস দিয়ে।

June 26, 2024 8:32 PM

views 44

লোকসভা অধ্যক্ষ পদৰ বাবে প্ৰাৰ্থী প্ৰক্ষেপ কৰা কাৰ্যক লৈ কংগ্ৰেছ দলক সমালোচনা কেন্দ্রীয় মন্ত্রী প্রহ্লাদ যোশীৰ

কেন্দ্রীয় মন্ত্রী প্রহ্লাদ যোশীয়ে লোকসভা অধ্যক্ষ পদৰ বাবে প্ৰাৰ্থী প্ৰক্ষেপ কৰা কাৰ্যক লৈ কংগ্ৰেছ দলক সমালোচনা কৰিছে। সংসদ ভৱনৰ বাহিৰত সংবাদমাধ্যমৰ সৈতে হোৱা কথা বতৰাত তেওঁ আজি কয় যে, উপাধ্যক্ষৰ পদটোক লৈ আলোচনা কৰাৰ বাবে চৰকাৰ সাজু আছিল যদিও বিষয়টোক লৈ পূর্ব চর্ত আৰোপ কৰাটো উচিত হোৱা নাই। আন এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ ৰঞ্জন ওৰফে লালন সিঙে বিষয়টোক লৈ কংগ্ৰেছ দলক সমালোচনা কৰি, লোকসভাৰ অধ্যক্ষ নিৰ্বাচনৰ প্ৰসংগক লৈ দলটোৱে চাপ প্ৰয়োগৰ ৰাজনীতিৰ আশ্ৰয় লোৱা বুলি অভিযোগ কৰে। আনহাতে কংগ্ৰেছ সভ...

June 12, 2024 8:21 PM

views 66

খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগৰ বিষয়াসকলৰে প্ৰথমখন বৈঠক মন্ত্রী প্রহ্লাদ যোশীৰ

কেন্দ্রীয় মন্ত্রী প্রহ্লাদ যোশী আজি ৰাজ্যমন্ত্রী বি এল ৱাৰ্মা আৰু নিমুবেন বোম্বানিয়াৰ সৈতে নতুন দিল্লীত থকা তেওঁৰ কাৰ্যালয়ত খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগৰ বিষয়াসকলৰ লগত প্ৰথমখন বৈঠকত মিলিত হয়। বৈঠকত শ্ৰীযোশীয়ে প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে খাদ্য সুৰক্ষা সুনিশ্চিত কৰাৰ প্ৰতিশ্ৰুতি দোহৰাৰ লগতে খাদ্য বিতৰণ ব্যৱস্থা শক্তিশালী কৰি তোলাৰ বাবে লবলগীয়া গুৰুত্বপূৰ্ণ পদক্ষেপ সন্দৰ্ভত আলোচনা কৰে। উল্লেখযোগ্য যে শ্রীযোশীয়ে কালি নতুন দিল্লীত গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ তথা নতুন আৰু নৱীকৰণযোগ্...