কেন্দ্রীয় মন্ত্রী প্রহ্লাদ যোশী আজি ৰাজ্যমন্ত্রী বি এল ৱাৰ্মা আৰু নিমুবেন বোম্বানিয়াৰ সৈতে নতুন দিল্লীত থকা তেওঁৰ কাৰ্যালয়ত খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগৰ বিষয়াসকলৰ লগত প্ৰথমখন বৈঠকত মিলিত হয়। বৈঠকত শ্ৰীযোশীয়ে প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে খাদ্য সুৰক্ষা সুনিশ্চিত কৰাৰ প্ৰতিশ্ৰুতি দোহৰাৰ লগতে খাদ্য বিতৰণ ব্যৱস্থা শক্তিশালী কৰি তোলাৰ বাবে লবলগীয়া গুৰুত্বপূৰ্ণ পদক্ষেপ সন্দৰ্ভত আলোচনা কৰে। উল্লেখযোগ্য যে শ্রীযোশীয়ে কালি নতুন দিল্লীত গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ তথা নতুন আৰু নৱীকৰণযোগ্য শক্তি দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে।
Assamese | June 12, 2024 8:21 PM | Prahlad Joshi
খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগৰ বিষয়াসকলৰে প্ৰথমখন বৈঠক মন্ত্রী প্রহ্লাদ যোশীৰ