September 9, 2024 6:54 PM

views 54

ৰাজ্যৰ ভিন্ন প্ৰান্তত ৰাষ্ট্ৰীয় পোষণ মাহৰ অধীনত বিভিন্ন কাৰ্যসূচী গ্ৰহণ

সন্তান সম্ভৱা, মাতৃ আৰু শিশুৰ সুস্বাস্থ্য নিশ্চিত কৰাৰ লক্ষ্যৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত ৰাষ্ট্ৰীয় পোষণ মাহৰ অধীনত বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ফেকামাৰী সংহত শিশু উন্নয়ন প্রকল্প বিষয়া কাৰ্যালয়ত আজি ৰাষ্ট্ৰীয় পোষণ মাহৰ উদ্বোধন কৰা হয়। জিলাখনৰ ২০৪খন অংগনবাড়ী কেন্দ্ৰক লৈ পোষণ মাহৰ শুভাৰম্ভ কৰা হয়। প্ৰতিখন অংগনবাড়ী কেন্দ্ৰৰ কৰ্মী আৰু সহায়িকাসকলে প্ৰসূতি আৰু শিশুসকলৰ মাজত পুষ্টিকৰ খাদ্য গ্ৰহণৰ বাবে সজাগতা আনিবলৈ আলোচনা কৰে। ইয়াৰ লগতে ৰাষ্ট্ৰীয় পোষণ মাহৰ সৈতে...

September 9, 2024 5:47 PM

views 65

দেশত সপ্তম ৰাষ্ট্ৰীয় পোষণ মাহৰ অধীনত বৰ্তমানলৈকে ১.৭৯ লাখ কাৰ্যসূচী ৰূপায়ণ

চলিত সপ্তম ৰাষ্ট্ৰীয় পোষণ মাহৰ অংশ হিচাপে দেশত বৰ্তমানলৈকে প্ৰায় ১ কোটি ৭৯ লাখ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। মহিলা আৰু শিশু বিকাশ মন্ত্রালয়ে এটা বিবৃতিত প্ৰকাশ কৰা অনুসৰি এই কাৰ্যসূচীৰ অধীনত ২০ লাখৰো অধিক পৰিপূৰক আহাৰ সম্পৰ্কীয় কাৰ্যসূচী ৰূপায়ণৰ তথ্য লাভ কৰা হৈছে। মন্ত্ৰ্যালয়ে লগতে প্ৰকাশ কৰিছে যে, দেশৰ বিভিন্ন ৰাজ্যৰ ৭৫৬ খন জিলাত সক্রিয়ভাৱে সজাগতামূলক অভিযান চলোৱাৰ লগতে জনসাধাৰণক পৰিপুষ্টি সন্দৰ্ভত অৱগত কৰোৱা হৈছে। উল্লেখযোগ্য যে, যোৱা ১ ছেপ্তেম্বৰত আৰম্ভ হোৱা এই পোষন মাহৰ ৩০ ছেপ্তেম্বৰত অ...

September 2, 2024 6:32 PM

views 60

দেশৰ বিভিন্ন অংশৰ লগতে অসমতো কালিৰে পৰা ৰাজ্যিক পোষণ মাহ আৰম্ভ

দেশৰ বিভিন্ন অংশৰ লগতে অসমতো মহিলা আৰু শিশু বিভাগৰ উদ্যোগত ৰাষ্ট্ৰীয় পোষণ মাহৰ লগত সংগতি ৰাখি কালিৰে পৰা ৰাজ্যিক পোষণ মাহ আৰম্ভ হৈছে। শিশু, কিশোৰ-কিশোৰী, মাতৃ তথা গৰ্ভৱতী মহিলাৰ পুষ্টিহীনতা ৰোধৰ উদ্দেশ্যেৰে এই মাহ পালনৰ ব্যৱস্থা কৰা হৈছে। মহিলা আৰু শিশু বিকাশ বিভাগৰ মন্ত্ৰী অজন্তা নেওগে আজি মৰিগাওঁৰ তৰুণৰাম ফুকন খেলপথাৰত ৰাজ্যিক পোষণ মাহৰ কাৰ্যসূচী আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। তেওঁ অনুষ্ঠানত মাতৃ বন্দনা যোজনাৰ মাতৃসকলক চেকসমূহ বিতৰণ কৰে। উল্লেখযোগ্য যে পোষণ মাহৰ সৈতে সংগতি ৰাখি জিলাখনৰ ভিন্ন স্থ...

September 1, 2024 8:55 PM

views 64

মহিলা আৰু শিশু বিভাগৰ উদ্যোগত ৰাজ্যিক পোষণ মাহ আৰম্ভ

দেশৰ বিভিন্ন অংশৰ লগতে অসমতো মহিলা আৰু শিশু বিভাগৰ উদ্যোগত ৰাষ্ট্ৰীয় পোষণ মাহৰ লগত সংগতি ৰাখি আজিৰে পৰা ৰাজ্যিক পোষণ মাহ আৰম্ভ কৰা হৈছে। শিশু, কিশোৰ, কিশোৰী, মাতৃ তথা গৰ্ভৱতী মহিলাৰ পুষ্টিহীনতা ৰোধৰ উদ্দেশ্যেৰে এই মাহ পালনৰ ব্যৱস্থা কৰা হৈছে। এই উপলক্ষে ঠায়ে ঠায়ে এক পেৰ মা কে নাম শীৰ্ষক কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। প্রধানমন্ত্ৰীয়ে মাতৃৰ নামত একোটাকৈ গছপুলি ৰোপণৰ বাবে জনোৱা আহ্বান অনুসৰি এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। কাইলৈ মৰিগাওঁৰ তৰুণৰাম ফুকন খেলপথাৰত ৰাজ্যিক পোষণ মাহৰ আনুষ্ঠানিকভাৱে উদ্বোধন ...