দেশৰ বিভিন্ন অংশৰ লগতে অসমতো মহিলা আৰু শিশু বিভাগৰ উদ্যোগত ৰাষ্ট্ৰীয় পোষণ মাহৰ লগত সংগতি ৰাখি কালিৰে পৰা ৰাজ্যিক পোষণ মাহ আৰম্ভ হৈছে। শিশু, কিশোৰ-কিশোৰী, মাতৃ তথা গৰ্ভৱতী মহিলাৰ পুষ্টিহীনতা ৰোধৰ উদ্দেশ্যেৰে এই মাহ পালনৰ ব্যৱস্থা কৰা হৈছে। মহিলা আৰু শিশু বিকাশ বিভাগৰ মন্ত্ৰী অজন্তা নেওগে আজি মৰিগাওঁৰ তৰুণৰাম ফুকন খেলপথাৰত ৰাজ্যিক পোষণ মাহৰ কাৰ্যসূচী আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। তেওঁ অনুষ্ঠানত মাতৃ বন্দনা যোজনাৰ মাতৃসকলক চেকসমূহ বিতৰণ কৰে। উল্লেখযোগ্য যে পোষণ মাহৰ সৈতে সংগতি ৰাখি জিলাখনৰ ভিন্ন স্থানত মাতৃসকলৰ লগতে সন্তানৰ সু-স্বাস্থ্য গঢ়ি তোলাৰ লক্ষ্যৰে সজাগতামূলক অনুষ্ঠানৰ আয়োজন কৰা হৈছে।
Assamese | September 2, 2024 6:32 PM | Poshan Month
দেশৰ বিভিন্ন অংশৰ লগতে অসমতো কালিৰে পৰা ৰাজ্যিক পোষণ মাহ আৰম্ভ