দেশৰ বিভিন্ন অংশৰ লগতে অসমতো মহিলা আৰু শিশু বিভাগৰ উদ্যোগত ৰাষ্ট্ৰীয় পোষণ মাহৰ লগত সংগতি ৰাখি আজিৰে পৰা ৰাজ্যিক পোষণ মাহ আৰম্ভ কৰা হৈছে। শিশু, কিশোৰ, কিশোৰী, মাতৃ তথা গৰ্ভৱতী মহিলাৰ পুষ্টিহীনতা ৰোধৰ উদ্দেশ্যেৰে এই মাহ পালনৰ ব্যৱস্থা কৰা হৈছে। এই উপলক্ষে ঠায়ে ঠায়ে এক পেৰ মা কে নাম শীৰ্ষক কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। প্রধানমন্ত্ৰীয়ে মাতৃৰ নামত একোটাকৈ গছপুলি ৰোপণৰ বাবে জনোৱা আহ্বান অনুসৰি এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। কাইলৈ মৰিগাওঁৰ তৰুণৰাম ফুকন খেলপথাৰত ৰাজ্যিক পোষণ মাহৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হ’ব। উল্লেখযোগ্য যে, কেন্দ্রীয় মহিলা আৰু শিশু বিকাশ মন্ত্ৰী অন্নপূর্ণা দেৱীয়ে কালি গুজৰাটৰ গান্ধীনগৰত সপ্তম ৰাষ্ট্ৰীয় পোষণ মাহৰ ৰাষ্ট্ৰজোৰা কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। এইবাৰ এই কাৰ্যসূচীৰ অধীনত ৰক্তহীনতা দূৰীকৰণৰ বাবে ব্যাপক সজাগতা সৃষ্টিৰ লগতে পৰিপুষ্টি আৰু অধ্যয়ন, প্রযুক্তি নিৰ্ভৰ উদ্যমৰ সহায়ত তথা পৰিপূৰক আহাৰৰ দ্বাৰা দেশত পুষ্টিহীনতাৰ সমস্যা দূৰ কৰাৰ প্ৰয়াস কৰা হ’ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহিলাকেন্দ্ৰীক উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰি এইবাৰৰ বাজেটত কন্যা শিশু আৰু মহিলাসকলৰ কল্যাণৰ লক্ষ্যৰে ৩ লাখ কোটি টকা আৱণ্টন দিছে।
Assamese | September 1, 2024 8:55 PM | Poshan Month
মহিলা আৰু শিশু বিভাগৰ উদ্যোগত ৰাজ্যিক পোষণ মাহ আৰম্ভ