June 13, 2026 1:26 PM

views 15

ফকিৰগঞ্জৰ ছাতছিয়া জনকল্যাণ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকক সশ্ৰম কাৰাদণ্ড

ধুবুৰীৰ বিশেষ পকছ' আদালতে কালি জিলাখনৰ ফকিৰগঞ্জৰ ছাতছিয়া জনকল্যাণ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক জালাল উদ্দিন মণ্ডলক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড বিহে। এগৰাকী নাবালিকা ছাত্রীক শাৰীৰিক নির্যাতন চলোৱাৰ অপৰাধৰ গোচৰৰ ৰায় প্ৰদান কৰি আদালতে প্রধান শিক্ষকগৰাকীক শাস্তি বিহে। বিশেষ ন্যায়াধীশ আলহাজ মজুমদাৰে দিয়া বায় অনুসৰি অভিযুক্তক ১০ হাজাৰ টকাৰ জৰিমনাৰ নির্দেশ দিয়া হৈছে। এই ধন ভুক্তভোগী ছাত্ৰীগৰাকীক প্ৰদান কৰাৰ লগতে ৰাজ্যিক ভুক্তভোগী ক্ষতিপূৰণ আঁচনিৰ অধীনত ছাত্ৰীগৰাকীক এক লাখ টকাৰ ক্ষতিপূৰণ প্ৰদানৰ নিৰ্...

December 11, 2025 7:55 PM

views 30

নাবালিকা নিৰ্যাতনৰ গোচৰত দোষী সাব্যস্ত হোৱা এজন লোকক ২৫ বছৰৰ সশ্ৰম কাৰাদণ্ড

মৰিগাঁও পকছ' আদালতে আজি নাবালিকা নিৰ্যাতনৰ গোচৰত দোষী সাব্যস্ত হোৱা এজন লোকক ২৫ বছৰৰ সশ্ৰম কাৰাদণ্ড বিহে। এনাৰুল ইছলাম নামৰ লোকজনৰ বিৰুদ্ধে এবছৰ পূৰ্বে এগৰাকী নাবালিকাক নিৰ্যাতনৰ অভিযোগত মৈৰাবাৰী আৰক্ষী থানাত গোচৰ ৰুজু কৰা হৈছিল। আৰক্ষীয়ে এই ঘটনাৰ তদন্ত কৰি আদালতত তদন্তৰ প্ৰতিবেদন আৰু অভিযোগনামা দাখিল কৰে। এই অভিযোগনামাৰ ভিত্তিত আজি মৰিগাঁৱৰ অতিৰিক্ত ছেছন ন্যায়াধীশ তথা পকছ' আদালতৰ বিশেষ ন্যায়াধীশ বিণি ভৰালীৰ বিচাৰপীঠে এনাঞ্চল ইছলামক পকছ’ আইনৰ ৬ নম্বৰ ধাৰাৰ অধীনত ২০ বছৰ আৰু ভাৰতীয় ন্যায় সংহি...

December 11, 2024 1:20 PM

views 57

শিশুৰ যৌন নিৰ্যাতনৰ ঘটনাত POCSO আইনৰ অধীনত অভিযুক্তক চিৰাঙৰ জিলা আৰু ছেচন ন্যায়াধীশৰ ৫ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ ৰায়

চিৰাঙৰ জিলা আৰু ছেচন ন্যায়াধীশে কালি এটি কন্যা শিশুৰ যৌন নিৰ্যাতনৰ ঘটনাত POCSO আইনৰ অধীনত চলোৱা গোচৰত অভিযুক্তক ৫ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ ৰায় প্ৰদান কৰে। অভিযুক্ত জিলাখনৰ বাসুগাঁও চহৰৰ ব্যৱসায়ী বাবুল দাসক কালি আদালতে কাৰাদণ্ড বিহাৰ লগতে ২০ হাজাৰ টকাৰ জৰিমনাও বিহে। উল্লেখযোগ্য যে চলিত বছৰৰ ২ মাৰ্চত বাসুগাঁও থানাত এই গোচৰ পঞ্জীয়ন হৈছিল।