June 13, 2026 1:26 PM | POCSO

printer

ফকিৰগঞ্জৰ ছাতছিয়া জনকল্যাণ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকক সশ্ৰম কাৰাদণ্ড

ধুবুৰীৰ বিশেষ পকছ’ আদালতে কালি জিলাখনৰ ফকিৰগঞ্জৰ ছাতছিয়া জনকল্যাণ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক জালাল উদ্দিন মণ্ডলক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড বিহে। এগৰাকী নাবালিকা ছাত্রীক শাৰীৰিক নির্যাতন চলোৱাৰ অপৰাধৰ গোচৰৰ ৰায় প্ৰদান কৰি আদালতে প্রধান শিক্ষকগৰাকীক শাস্তি বিহে। বিশেষ ন্যায়াধীশ আলহাজ মজুমদাৰে দিয়া বায় অনুসৰি অভিযুক্তক ১০ হাজাৰ টকাৰ জৰিমনাৰ নির্দেশ দিয়া হৈছে। এই ধন ভুক্তভোগী ছাত্ৰীগৰাকীক প্ৰদান কৰাৰ লগতে ৰাজ্যিক ভুক্তভোগী ক্ষতিপূৰণ আঁচনিৰ অধীনত ছাত্ৰীগৰাকীক এক লাখ টকাৰ ক্ষতিপূৰণ প্ৰদানৰ নিৰ্দেশ দিয়া হৈছে। উল্লেখযোগ্য যে ২০২১ চনৰ ১০ জুনত বিদ্যালয়খনৰ নৱম শ্ৰেণীৰ এগৰাকী ১৪ বছৰীয়া ছাত্ৰীক বিদ্যালয়ৰ চৌহদতে শাৰীৰিক নির্যাতন চলাইছিল। এই অন্যায় কাৰ্যৰ বিৰুদ্ধে ভুক্তভোগী ছাত্ৰীগৰাকীৰ পৰিয়ালে প্রধান শিক্ষকগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাত আদালতে এই ৰায় প্ৰদান কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।