মৰিগাঁও পকছ’ আদালতে আজি নাবালিকা নিৰ্যাতনৰ গোচৰত দোষী সাব্যস্ত হোৱা এজন লোকক ২৫ বছৰৰ সশ্ৰম কাৰাদণ্ড বিহে। এনাৰুল ইছলাম নামৰ লোকজনৰ বিৰুদ্ধে এবছৰ পূৰ্বে এগৰাকী নাবালিকাক নিৰ্যাতনৰ অভিযোগত মৈৰাবাৰী আৰক্ষী থানাত গোচৰ ৰুজু কৰা হৈছিল। আৰক্ষীয়ে এই ঘটনাৰ তদন্ত কৰি আদালতত তদন্তৰ প্ৰতিবেদন আৰু অভিযোগনামা দাখিল কৰে। এই অভিযোগনামাৰ ভিত্তিত আজি মৰিগাঁৱৰ অতিৰিক্ত ছেছন ন্যায়াধীশ তথা পকছ’ আদালতৰ বিশেষ ন্যায়াধীশ বিণি ভৰালীৰ বিচাৰপীঠে এনাঞ্চল ইছলামক পকছ’ আইনৰ ৬ নম্বৰ ধাৰাৰ অধীনত ২০ বছৰ আৰু ভাৰতীয় ন্যায় সংহিতাৰ ৩৩২ নম্বৰ ধাৰাৰ অধীনত অতিৰিক্ত ৫ বছৰ সশ্ৰম কাৰাদণ্ড বিহে। একেখন পকছ’ আদালতে মুকছিদুৰ ৰহমান নামৰ আন এজন লোকক কালি ২০ বছৰৰ সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত কৰাৰ লগতে ১৫ হাজাৰ টকাৰ জৰিমনা বিহে।
Assamese | December 11, 2025 7:55 PM | POCSO
নাবালিকা নিৰ্যাতনৰ গোচৰত দোষী সাব্যস্ত হোৱা এজন লোকক ২৫ বছৰৰ সশ্ৰম কাৰাদণ্ড