December 26, 2025 9:05 PM

views 123

ৰাষ্ট্ৰ গঠনত যুৱ প্ৰজন্মই যাতে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে তাৰ বাবে যুৱক- যুৱতীসকলৰ সবলীকৰণৰ প্ৰতি লক্ষ্য ৰাখি নতুন নীতিসমূহ প্ৰস্তুত কৰি থকা হৈছেঃ প্রধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰ গঠনত যুৱ প্ৰজন্মই যাতে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে তাৰ বাবে যুৱক- যুৱতীসকলৰ সবলীকৰণৰ প্ৰতি লক্ষ্য ৰাখি নতুন নীতিসমূহ প্ৰস্তুত কৰি থকা হৈছে বুলি উল্লেখ কৰিছে। নতুন দিল্লীৰ ভাৰত মণ্ডপমত আজি অনুষ্ঠিত বীৰ বাল দিৱস কাৰ্যসূচীত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত শ্রীমোদীয়ে কয় যে জেনেৰেচন জেড আৰু জেন আলফাৰ যুৱশক্তিয়ে ভাৰতক এখন বিকশিত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যত উপনীত হোৱাৰ বাবে দেশক আগবঢ়াই লৈ যোৱা হ'ব। তেওঁ কয় যে যুৱ প্ৰজন্মৰ সৰ্বাংগীন দিশৰ উন্নয়নৰ প...

December 26, 2025 8:13 PM

views 80

ৰাষ্ট্ৰপতি মুৰ্মুৱে চাওতালী ভাষাৰ সংবিধানৰ সংস্কৰণ উন্মোচন কৰাৰ বিষয়ক প্ৰশংসা প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে চাওতালী ভাষাৰ সংবিধানৰ সংস্কৰণ উন্মোচন কৰাৰ বিষয়ক প্ৰশংসা কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্রীমোদীয়ে কয় যে ইয়াৰ ফলত সংবিধানৰ প্ৰতি অধিক সজাগতা বৃদ্ধি কৰাৰ লগতে জনসাধাৰণৰ গণতান্ত্রিক প্রক্রিয়াত অংশগ্ৰহণত সহায়ক হ'ব। শ্রীমোদীয়ে লগতে কয় যে দেশৰ প্ৰগতিৰ বাবে চাওতালী লোকৰ অৱদান আৰু চাওতালী সংস্কৃতিক লৈ দেশ অতি গৌৰৱান্বিত।

December 22, 2025 7:54 PM

views 78

প্রধানমন্ত্ৰী মোদীৰ নেতৃত্বত বিগত এঘাৰ বছৰত দেশত স্বাস্থ্য খণ্ডত উল্লেখযোগ্য ৰূপান্তৰ হৈছে

স্বাস্থ্য আৰু পৰিয়াল কল্যান দপ্তৰৰ ৰাজ্যমন্ত্ৰী অনুপ্রিয়া পেটেলে কৈছে যে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিগত ১১ বছৰত দেশত স্বাস্থ্য খণ্ডত উল্লেখযোগ্য ৰূপান্তৰ হৈছে। তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশতে প্ৰাথমিকৰ পৰা স্বাস্থ্য যতন ব্যৱস্থাক তিনি গুণ ৰূপান্তৰ সাধন কৰিছে। নতুন দিল্লীৰ বৰ্ধমান মহাবীৰ চিকিৎ‍সা মহাবিদ্যালয় আৰু চফদৰ্জং চিকিৎসালয়ৰ সপ্তম সমাৱৰ্তনত সম্বোধন কৰি তেওঁ কয়, যে কেন্দ্ৰীয় চৰকাৰে সকলোৰে বাবে স্বাস্থ্য সেৱা ব্যয় সাধ্য কৰি তুলিছে। তেওঁ কয় যে চৰকাৰে দৰিদ্ৰ আৰু আ...

December 18, 2025 12:19 PM

views 86

গুৱাহাটীৰ নৌ পৰিবহণ টার্মিনেলত ২১ ডিচেম্বৰত প্রধানমন্ত্ৰী মোদীয়ে পৰীক্ষা পে চৰ্চা বিষয় লৈ আলোচনা কৰিব

● প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২১ ডিচেম্বৰত গুৱাহাটীৰ নৌ পৰিবহণ টার্মিনেলত চৰাইদেউ জাহাজত ৰাজ্যৰ ২৫-৩০ গৰাকী শিক্ষাৰ্থীৰ সৈতে পৰীক্ষা পে চৰ্চা অৰ্থাৎ পৰীক্ষা সম্পৰ্কীয় বিষয় লৈ আলোচনা কৰিব। এই অনুষ্ঠানৰ বাবে ৰাজ্যৰ বিভিন্ন স্থানৰ কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক বাছনি কৰা হৈছে। এই কাৰ্যসূচীৰ বাবে নলবাৰীৰ গর্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী দৃষ্টি গোস্বামীয়েও বাছনি লাভ কৰিছে। ছাত্ৰীগৰাকীয়ে এই সন্দৰ্ভত এইদৰে মনৰ ভাৱ প্ৰকাশ কৰে। এই কাৰ্যসূচীৰ বাবে উত্তৰ গুৱাহাটী ছোৱালী হ...

December 18, 2025 1:05 PM

views 68

দুদিনীয়া ওমান ভ্রমণসূচীৰে মাচকাটত উপস্থিত প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দুদিনীয়া ওমান ভ্রমণসূচীৰে কালি সন্ধিয়া মাচকাটত উপস্থিত হৈছে। ত্রিদেশীয় ৰাষ্ট্ৰ ভ্ৰমণৰ অন্তিম পৰ্যায়ত শ্ৰীমোদী ওমানলৈ গৈছে। ইয়াৰ পূৰ্বে তেওঁ জর্দান আৰু ইথিউপিয়ালৈ গৈছিল। মাচকাট বিমান বন্দৰত শ্ৰীমোদীক ওমানৰ উপ প্রধানমন্ত্ৰী চৈয়দ শ্বিহাব বিন তাৰিক অল ছাইদে আদৰণি জনায়। দুয়োগৰাকী নেতাই বিভিন্ন ক্ষেত্ৰত ভাৰত আৰু ওমানৰ মাজৰ সহযোগিতা অধিক শক্তিশালী কৰাৰ লগতে কৌশলগত অংশীদাৰিত্ব আগুৱাই নিয়া সন্দৰ্ভত আলোচনা কৰে। ওমানৰ ৰজা চুলতান হাইথাম বিন তাৰিকৰ আমন্ত্ৰণ মর্মে প্রধানম...

December 18, 2025 12:16 PM

views 89

২০ ডিচেম্বৰত দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদী

● দুদিনীয়া ভ্ৰমণসূচীৰে অহা ২০ ডিচেম্বৰত অসমলৈ আহিবলগীয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যখনৰ কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশ ল'ব। প্রধানমন্ত্রী মোদীয়ে ২১ ডিচেম্বৰত জাতীয় জীৱন সংগ্ৰামৰ অমৰ ছহিদসকলৰ স্মৃতিত গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত নিৰ্মাণ কৰা ছহিদ স্মাৰক ক্ষেত্ৰ পৰিদৰ্শন কৰিব। তেওঁ লগতে অসম আন্দোলনত প্ৰাণ আহুতি দিয়া ৮৬০ গৰাকী বীৰ ছহিদক প্ৰণিপাত জনাই ছহিদ বেদীত পুষ্পাঞ্জলি অর্পণ কৰিব। প্ৰধানমন্ত্ৰীৰ আগমনৰ পূর্বে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি সন্ধিয়া বৰাগাঁৱত উপস্থিত হৈ যা...

December 6, 2025 2:52 PM

views 102

ভাৰত আৰু ৰাছিয়াই ২০৩০ চনৰ ভিতৰত দ্বিপাক্ষিক বাণিজ্যৰ পৰিমাণ ১০ হাজাৰ কোটি মার্কিন ডলাৰলৈ বৃদ্ধিৰ লক্ষ্য নিৰ্ধাৰণ

● ভাৰত আৰু ৰাছিয়াই ২০৩০ চনৰ ভিতৰত দ্বিপাক্ষিক বাণিজ্যৰ পৰিমাণ ১০ হাজাৰ কোটি মার্কিন ডলাৰলৈ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। নতুন দিল্লীত কালি ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ সৈতে ভাৰত-ৰাছিয়া ব্যৱসায়ী মঞ্চৰ বৈঠকত ভাষণ দি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, যে দুয়োপক্ষৰ প্ৰৱল সম্ভাৱনাই নিৰ্ধাৰিত সময়ৰ পূৰ্বেই যে দ্বিপাক্ষিক বাণিজ্যৰ লক্ষ্যত উপনীত হ'ব পৰা যাব তাকেই সূচাইছে। তেওঁ কয় যে ব্যৱসায়ৰ বাবে সৰল আৰু সহজে অনুমেয় ব্যৱস্থা গঢ়ি তোলা হৈছে। ভাৰত আৰু ইউৰেছিয় অর্থনৈতিক সংঘৰ মাজত মুক্...

December 5, 2025 3:10 PM

views 83

প্রধানমন্ত্ৰী মোদী আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন নতুন দিল্লীৰ হায়দাবাদ হাউছত বৈঠকত মিলিত হয়

● প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন আজি নতুন দিল্লীৰ হায়দাবাদ হাউছত বৈঠকত মিলিত হয়। দুয়োগৰাকী নেতাই পাৰস্পৰিক স্বার্থ জড়িত বিভিন্ন আঞ্চলিক আৰু গোলকীয় বিষয় সন্দৰ্ভত আলোচনা কৰে। এই আলোচনাকালত বাণিজ্য, অর্থনীতি, স্বাস্থ্য যতন, শিক্ষা, সংস্কৃতিকে ধৰি বিভিন্ন খণ্ডত কেইবাখনো বুজাবুজিৰ চুক্তিত স্বাক্ষৰ হয়। দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ অহা ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনক প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি সন্ধিয়া নতুন দিল্লীৰ বিমান বন্দৰত আদৰণি জনায়। আজি ...

December 5, 2025 12:22 PM

views 82

দুদিনীয়া ভ্রমণসূচীৰে ২০ ডিচেম্বৰত প্ৰধানমন্ত্ৰী মোদী অসমলৈ আহিব

■ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অহা ২০ ডিচেম্বৰত দুদিনীয়া ভ্রমণসূচীৰে অসমলৈ আহিব। প্রধানমন্ত্ৰীয়ে এই ভ্রমণকালত বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টার্মিনেল ভৱন আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। একেদিনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ এটা প্ৰতিমূৰ্তি উন্মোচন কৰাৰ লগতে গুৱাহাটীত এখন জনসভাত অংশগ্রহণ কৰিব। শ্রীমোদীয়ে ২১ ডিচেম্বৰত ডিব্ৰুগড় জিলাৰ নামৰূপত স্থাপন হ'বলগীয়া এম’নিয়া ইউৰিয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। প্ৰায় ১১ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে নি...

December 5, 2025 12:53 PM

views 108

দিল্লীত উপস্থিত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমীৰ পুটিন

● ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমীৰ পুটিন ২৩ সংখ্যক ভাৰত-ৰাছিয়া বাৰ্ষিক শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে কালি সন্ধিয়া নতুন দিল্লীত উপস্থিত হয়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতিগৰাকীক আদৰণি জনায়। আজি পুৱা ৰাষ্ট্ৰপতি ভৱনত ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হ'ব। তাৰপাছত পুটিনে ৰাজঘাটত পুষ্পাঞ্জলি অর্পণ কৰি মহাত্মা গান্ধীক শ্রদ্ধাঞ্জলি জ্ঞাপন কৰিব। আজি হায়দাবাদ হাউছত শ্ৰীমোদী আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকী আলোচনাত মিলিত হ'ব। দুয়োগৰাকী নেতাই পাৰস্পৰিক স্বার্থ জড়িত...