January 7, 2025 12:59 PM

views 43

নতুন দিল্লীত কালি জেক চুলিভানক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ

আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা জেক চুলিভানে কালি নতুন দিল্লীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰে। তেওঁলোকে ভাৰত-আমেৰিকাৰ মাজত বিগত চাৰি বছৰত গঢ়ি উঠা গোলকীয় কৌশলগত অংশীদ্বাৰিত্বৰ বিষয়সমূহ- বিশেষকৈ প্ৰযুক্তি, প্ৰতিৰক্ষা, মহাকাশ, নিকা শক্তি, অর্ধপৰিবাহী, আৰু কৃত্রিম বুদ্ধিমত্তাৰ মূল ক্ষেত্ৰসমূহত হোৱা অগ্ৰগতিৰ মূল্যায়ন কৰে। আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ সৈতে বিভিন্ন সময়ত অনুষ্ঠিত বৈঠকৰ কথা উল্লেখ কৰি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰত-আমেৰিকাৰ মাজৰ কৌশলগত অংশীদ্বাৰিত্ব শক্তিশালী...

January 3, 2025 10:10 PM

views 37

দিল্লীত কেইবাটাও উন্নয়নমূলক প্রকল্পৰ উদ্বোধন আৰু আধাৰশিলা প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত কেইবাটাও উন্নয়নমূলক প্রকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। তেওঁ অশোক বিহাৰৰ বস্তি এলেকাত বাস কৰা লোকৰ বাবে নিৰ্মাণ কৰা প্ৰায় ১,৭০০টা বাসগৃহ মুকলি কৰে আৰু যোগ্য হিতাধিকাৰী সকলক বাসগৃহৰ চাবি প্ৰদান কৰে। শ্রীমোদীয়ে বাসগৃহ লাভ কৰা হিতাধিকাৰীসকলৰ সৈতে কথা-বতৰাত মিলিত হোৱাৰ লগতে বাসগৃহসমূহ পৰিদৰ্শনো কৰে। এই নৱনিৰ্মিত বাসগৃহসমূহৰ উদ্বোধনৰ লগে লগে দিল্লী উন্নয়ন প্ৰাধিকৰণৰ বস্তি এলেকাত পুনর্বাস প্ৰকল্পৰ দ্বিতীয় পর্যায় সম্পূৰ্ণ হ'ল। বস্তি এলেকাত বাস...

January 3, 2025 12:56 PM

views 49

নতুন দিল্লীত আজি প্ৰধানমন্ত্ৰীৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। তেওঁ অশোক বিহাৰত বস্তি এলেকাত বাস কৰা লোকৰ বাবে নিৰ্মাণ কৰা প্ৰায় এহেজাৰ ৭০০টা বাসগৃহ মুকলি কৰিব আৰু হিতাধিকাৰীসকলক বাসগৃহৰ চাবি প্ৰদান কৰিব। এই নৱনিৰ্মিত বাসগৃহসমূহৰ উদ্বোধনৰ লগে লগে দিল্লী উন্নয়ন প্ৰাধীকৰণৰ বস্তি এলেকাত পুনর্বাস প্ৰকল্পৰ দ্বিতীয় পৰ্যায় সম্পূৰ্ণ হ'ব। বস্তি এলেকাত বাস কৰা লোকসকলক প্রয়োজনীয় সা-সুবিধাসহ জীৱন ধাৰণৰ বাবে উন্নত আৰু স্বাস্থ্যসন্মত বাতাবৰণ প্ৰদান কৰাই এ...

January 2, 2025 8:27 PM

views 22

মান্নাথু পদ্মনাভনক তেওঁৰ জন্ম দিনত শ্ৰদ্ধাৰে স্মৰণ প্রধানমন্ত্ৰীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মান্নাথু পদ্মনাভনক তেওঁৰ জন্ম দিনত শ্ৰদ্ধাৰে স্মৰণ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে তেওঁক এগৰাকী প্ৰকৃত দূৰদৰ্শী বুলি অভিহিত কৰিছে। তেওঁ এখন উন্নত সমাজ গঢ়াৰ বাবে প্ৰচেষ্টা চলোৱাৰ উপৰি নাৰী সৱলীকৰণ আৰু মানুহৰ দুখ-কষ্ট নিৰাময়ৰ বাবে যথেষ্ট উদ্যোগ লৈছিল বুলিও শ্রী মোদীয়ে কয়। প্রধানমন্ত্ৰীগৰাকীয়ে লগতে কয়, যে প্ৰয়াত পদ্মনাভনে শিক্ষা আৰু শিক্ষণৰ ক্ষেত্ৰতো গুৰুত্ব প্ৰদান কৰিছিল৷

January 2, 2025 8:20 PM

views 43

নতুন দিল্লীত কাইলৈ প্রধানমন্ত্ৰীৰ কেইবাটাও উন্নয়নমূলক প্রকল্প উদ্বোধন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ নতুন দিল্লীত কেইবাটাও উন্নয়নমূলক প্রকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। শ্ৰী মোদীয়ে অশোক বিহাৰত প্ৰায় এহেজাৰ ৭০০টা নৱনিৰ্মিত ফ্লেট উদ্বোধন কৰি হিতাধিকাৰীসকলক ফ্লেটৰ চাবি প্ৰদান কৰিব। বস্তি অঞ্চলৰ লোকৰ পুনৰ সংস্থাপন প্ৰকল্পৰ অধীনত দিল্লী উন্নয়ন প্ৰাধিকৰণৰ দ্বাৰা এই ফ্লেটসমূহ নিৰ্মাণ কৰা হৈছে। ইয়াৰ জৰিয়তে বস্তি অঞ্চলত বসবাস কৰা লোকসকলক উপযুক্ত সা-সুবিধা থকা এটা উন্নত আৰু স্বাস্থ্যকৰ পৰিৱেশ প্ৰদান কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে লগতে নৌৰ...

December 26, 2024 8:32 PM

views 38

চৰকাৰে যুৱ শক্তিক সৱলীকৰণ কৰাৰ উদ্দেশ্যে আটাইতকৈ বেছি গুৰুত্ব প্ৰদান কৰিছে বুলি প্ৰধানমন্ত্ৰীৰ প্ৰকাশ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, যে বিশ্বই যুৱ শক্তিৰ বাবে আশা আৰু আকাংক্ষাৰে ভাৰতলৈ চাইছে। নতুন দিল্লীত আজি আয়োজিত বীৰ শিশু দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি শ্রীমোদীয়ে কয় যে চৰকাৰে যুৱ শক্তিক সৱলীকৰণ কৰাৰ উদ্দেশ্যে আটাইতকৈ বেছি গুৰুত্ব প্ৰদান কৰিছে। তেওঁ কয় যে ষ্টার্ট-আপ ইকো- চিষ্টেম, মহাকাশ অর্থনীতি, ক্রীড়া, নির্মাণ উদ্যোগ, দক্ষতা বিকাশ বা ইন্টার্ণশ্বিপ আঁচনি -এই সকলোবোৰ যুৱকেন্দ্ৰিক নীতিৰে যুগুত কৰা হৈছে যাতে ইয়াৰ দ্বাৰা যুৱ প্ৰজন্ম উপকৃত হয়। শ্রীমোদীয়ে কয় যে ষ্টার্ট- আপৰ পৰা বিজ্ঞানল...

December 21, 2024 8:30 PM

views 53

দুদিনীয়া ভ্ৰমণসূচীৰে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি কুৱেইটত উপস্থিত

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি দুদিনীয়া ভ্ৰমণসূচীৰে কুৱেইটত উপস্থিত হয়। দেশখনত উপস্থিত হোৱাৰ পাছত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দেশখনৰ উপ-প্রধানমন্ত্ৰী শ্বেইখ ফাহাদ ইউছেফ ছ'ড অল-ছাবাহ আৰু ভালেমান মন্ত্ৰী আৰু গণ্য-মান্য ব্যক্তিয়ে বিমান বন্দৰত উষ্ম আদৰণি জনায়। সামাজিক মাধ্যমযোগে প্রধানমন্ত্রী মোদীয়ে প্ৰকাশ কৰে যে এই ভ্রমণে ভাৰত আৰু কুৱেইটৰ বিভিন্ন ক্ষেত্ৰৰ লগতে বন্ধুত্বপূর্ণ সম্পর্ক সুদৃঢ় কৰিব। অনাগত দুটা দিনত প্রধানমন্ত্রীয়ে বিভিন্ন কার্যসূচীত অংশগ্ৰহণ কৰিব। কুৱেইটৰ আমিৰ শ্বেইখ মেছল অল-আহম...

December 19, 2024 12:41 PM

views 35

দুদিনীয়া ভ্রমণসূচীৰে অহা ২১ ডিচেম্বৰত প্রধানমন্ত্ৰী কুৱেইতলৈ ৰাওনা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২১ ডিচেম্বৰত দুদিনীয়া ভ্রমণসূচীৰে কুৱেইটত উপস্থিত হ'ব। কুৱেইটৰ আমীৰ শ্বেইখ মেচাল অল আহমেদ অল জাবেৰ অল চবাহৰ আমন্ত্ৰণক্ৰমে দেশখন ভ্ৰমণলৈ যোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হ'ব যোৱা ৪৩ বছৰত দেশ ভ্ৰমণ কৰা প্ৰথমগৰাকী ভাৰতীয় প্ৰধানমন্ত্রী। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰা মতে, এই ভ্ৰমণকালত প্ৰধানমন্ত্ৰীগৰাকীয়ে কুৱেইটৰ নেতাসকলৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হোৱাৰ লগতে প্ৰৱাসী ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলৰ সৈতেও মত বিনিময় কৰিব। উল্লেখযোগ্য যে, কুৱেইটত ব...

December 17, 2024 8:09 PM

views 32

ৰাজস্থানত ৪৬ হাজাৰ কোটিতকৈও অধিক টকা ব্যয়সাপেক্ষ ২৪ টা প্ৰকল্প মুকলি

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজস্থানৰ জয়পুৰত শক্তি, পথ, জল আৰু ৰে'ল খণ্ডৰ সৈতে জড়িত ৪৬ হাজাৰ কোটিতকৈও অধিক টকা ব্যয়সাপেক্ষ ২৪ টা প্ৰকল্প মুকলি আৰু আধাৰশিলা স্থাপন কৰে। প্রধানমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ ভজনলাল শর্মা নেতৃত্বাধীন চৰকাৰৰ এবছৰীয়া বর্ষপূর্তি উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰে। এই প্রকল্পসমূহৰ ভিতৰত ৰাজস্থান আৰু মধ্যপ্ৰদেশৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ পাৰ্বতী- কালীসিন্ধ—চম্বল সংযোগী প্রকল্প অন্যতম। আজি শ্ৰীমোদীৰ উপস্থিতিতে দুয়োখন ৰাজ্যৰ মাজত এই প্ৰকল্পৰ বাবে এখন বুজাবুজিৰ চুক্তি স্বাক্...

December 17, 2024 6:51 PM

views 64

তুলসী গৌড়াৰ মৃত্যুত প্রধানমন্ত্ৰীৰ শোকপ্ৰকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৰ্ণাটকৰ পদ্ম বঁটাৰে সন্মানিত পৰিৱেশবিদ তুলসী গৌড়াৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। জীৱন কালত বহু হাজাৰ বৃক্ষ ৰোপণ কৰি পৰিৱেশ ৰক্ষাত অগ্রণী ভূমিকা গ্ৰহণ কৰা শ্ৰীমতী গৌড়াৰ মহান কৰ্মৰাজিৰ প্ৰশংসা কৰি শ্ৰী মোদীয়ে কয়, যে আমাৰ ধৰিত্ৰী ৰক্ষাৰ বাবে কাম কৰি অহা নতুন প্ৰজন্মক তুলসী গৌড়াৰ জীৱন আৰু কৃতিয়ে সদায় অনুপ্ৰাণিত কৰি যাব।