প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২১ ডিচেম্বৰত দুদিনীয়া ভ্রমণসূচীৰে কুৱেইটত উপস্থিত হ‘ব। কুৱেইটৰ আমীৰ শ্বেইখ মেচাল অল আহমেদ অল জাবেৰ অল চবাহৰ আমন্ত্ৰণক্ৰমে দেশখন ভ্ৰমণলৈ যোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হ‘ব যোৱা ৪৩ বছৰত দেশ ভ্ৰমণ কৰা প্ৰথমগৰাকী ভাৰতীয় প্ৰধানমন্ত্রী। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰা মতে, এই ভ্ৰমণকালত প্ৰধানমন্ত্ৰীগৰাকীয়ে কুৱেইটৰ নেতাসকলৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হোৱাৰ লগতে প্ৰৱাসী ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলৰ সৈতেও মত বিনিময় কৰিব। উল্লেখযোগ্য যে, কুৱেইটত বসবাস কৰা ভাৰতীয় সম্প্ৰদায়ৰ লোকসকল হৈছে দেশখনত থকা প্ৰধান প্ৰৱাসী অধিবাসী। শ্রীমোদীৰ এই ভ্রমণে দুয়োদেশৰ মাজৰ বন্ধুত্বপূৰ্ণ সম্পর্ক অধিক সূদৃঢ় কৰাৰ লগতে দেশ দুখনৰ জনসাধাৰণৰ মাজৰ মৈত্রীপূর্ণ সম্পর্কও অধিক শক্তিশালী কৰিব বুলি আশা কৰা হৈছে ।
Assamese | December 19, 2024 12:41 PM | PM Modi
দুদিনীয়া ভ্রমণসূচীৰে অহা ২১ ডিচেম্বৰত প্রধানমন্ত্ৰী কুৱেইতলৈ ৰাওনা