July 24, 2026 10:29 AM

views 24

নীটৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পাছৰে পৰা বিগত আঢ়ৈ মাহত ভালেমান পদক্ষেপ লোৱা হৈছে বুলি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ প্ৰকাশ

চিকিৎসা বিজ্ঞানত নামভৰ্তিৰ পৰীক্ষা নীটৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পাছৰে পৰা বিগত আঢ়ৈ মাহত ভালেমান পদক্ষেপ লোৱা হৈছে বুলি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। যোৱা নিশা দিয়া এটা ভিডিঅ' বার্তাত প্রধানমন্ত্রীয়ে কয় যে এই ঘটনাৰ বাবে দোষীসকলক ইতিমধ্যে গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে। তেওঁ কয় যে প্ৰশ্নকাকত ফাদিল হোৱাৰ ফলত যাতে শিক্ষার্থীসকলৰ এটা শৈক্ষিক বর্ষ নষ্ট নহয় সেয়া নিশ্চিত কৰাটো চৰকাৰৰ অগ্ৰাধিকাৰ আছিল আৰু এনে কৰাৰ বাবে ততালিকে পৰীক্ষা অনুষ্ঠিত কৰাটো জৰুৰী আছিল। প্রধানমন্ত্রীয়ে কয় যে ...

July 23, 2026 12:36 PM

views 12

প্ৰশ্নকাকত ফাদিলৰ সৈতে জড়িতসকলক কঠোৰ শাস্তি প্রদান নিশ্চিত কৰাৰ বাবে চৰকাৰে ফাষ্টট্রেক আদালত গঠন কৰিব বুলি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ প্ৰকাশ

দেশৰ যুৱচামৰ কল্যাণ আৰু ভৱিষ্যততকৈ আন কোনো বিষয় গুৰুত্বপূর্ণ নহয় বুলি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বার্তাত প্রধানমন্ত্রীয়ে কয়, যে প্ৰশ্নকাকত ফাদিলৰ সৈতে জড়িতসকলক কঠোৰ শাস্তি প্রদান নিশ্চিত কৰাৰ বাবে চৰকাৰে ফাষ্টট্রেক আদালত গঠন কৰিব। এইক্ষেত্রত সংশ্লিষ্ট কর্তৃপক্ষ আৰু বিষয়াসকলক যাৱতীয় পদক্ষেপ ল'বলৈ নির্দেশ দিয়া হৈছে বুলি প্রধানমন্ত্রীয়ে উল্লেখ কৰে।  তেওঁ কয়, যে যুৱক-যুৱতীসকলৰ ভৱিষ্যৎ ধবংস কৰাৰ চেষ্টা কৰা সকলক কেতিয়াও ক্ষমা কৰা নহ'ব। ছাত্ৰ-ছাত্ৰীসকলৰ স্বাৰ্থ সুৰক...