দেশৰ যুৱচামৰ কল্যাণ আৰু ভৱিষ্যততকৈ আন কোনো বিষয় গুৰুত্বপূর্ণ নহয় বুলি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বার্তাত প্রধানমন্ত্রীয়ে কয়, যে প্ৰশ্নকাকত ফাদিলৰ সৈতে জড়িতসকলক কঠোৰ শাস্তি প্রদান নিশ্চিত কৰাৰ বাবে চৰকাৰে ফাষ্টট্রেক আদালত গঠন কৰিব। এইক্ষেত্রত সংশ্লিষ্ট কর্তৃপক্ষ আৰু বিষয়াসকলক যাৱতীয় পদক্ষেপ ল’বলৈ নির্দেশ দিয়া হৈছে বুলি প্রধানমন্ত্রীয়ে উল্লেখ কৰে।
তেওঁ কয়, যে যুৱক-যুৱতীসকলৰ ভৱিষ্যৎ ধবংস কৰাৰ চেষ্টা কৰা সকলক কেতিয়াও ক্ষমা কৰা নহ’ব। ছাত্ৰ-ছাত্ৰীসকলৰ স্বাৰ্থ সুৰক্ষাৰ দিশত এলানি ব্যৱস্থাৰ অংশ হিচাপে এই সিদ্ধান্ত লোৱা হৈছে বুলি প্রধানমন্ত্রী মোদীয়ে উল্লেখ কৰে।