চিকিৎসা বিজ্ঞানত নামভৰ্তিৰ পৰীক্ষা নীটৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পাছৰে পৰা বিগত আঢ়ৈ মাহত ভালেমান পদক্ষেপ লোৱা হৈছে বুলি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। যোৱা নিশা দিয়া এটা ভিডিঅ’ বার্তাত প্রধানমন্ত্রীয়ে কয় যে এই ঘটনাৰ বাবে দোষীসকলক ইতিমধ্যে গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে।
তেওঁ কয় যে প্ৰশ্নকাকত ফাদিল হোৱাৰ ফলত যাতে শিক্ষার্থীসকলৰ এটা শৈক্ষিক বর্ষ নষ্ট নহয় সেয়া নিশ্চিত কৰাটো চৰকাৰৰ অগ্ৰাধিকাৰ আছিল আৰু এনে কৰাৰ বাবে ততালিকে পৰীক্ষা অনুষ্ঠিত কৰাটো জৰুৰী আছিল। প্রধানমন্ত্রীয়ে কয় যে প্রশ্নকাকত ফাদিল কোনো সৰু ঘটনা নহয় আৰু লাখ লাখ শিক্ষার্থী তথা তেওঁলোকৰ অভিভাৱকৰ বাবে এয়া সঁচাকৈ পীড়াদায়ক।
শ্রীমোদীয়ে কয় যে তেওঁ ইতিমধ্যে সংশ্লিষ্ট বিভাগসমূহক দ্রুত আদালত গঠনৰ বাবে প্ৰস্তাৱ যুগুতাই উলিয়াবলৈ নির্দেশ দিছে। তেওঁ কয় যে বিভাগসমূহে অহৰহভাৱে কাম কৰি কালি শেষ নিশা ইয়াৰ খচৰা দাখিল কৰে।
তেওঁ কয় যে দ্রুত আদালত গঠন আৰু কঠোৰ শাস্তিৰ ব্যৱস্থা থকা এই খচৰা প্ৰস্তাৱ সম্পর্কে আজি মন্ত্রীসভাৰ বৈঠকত আলোচনা কৰা হ’ব। মন্ত্রীসভাৰ সদস্যসকলৰ পৰামৰ্শ অন্তর্ভুক্ত কৰাৰ পাছত প্ৰস্তাৱটোৰ চূড়ান্ত ৰূপ দিয়া হ’ব বুলি প্রধানমন্ত্রীয়ে উল্লেখ কৰে।
তেওঁ কয় যে সোমবাৰে সংসদৰ বৰ্ষাকালীন অধিবেশনৰ দ্বিতীয় সপ্তাহৰ কাৰ্যক্ৰমণিকা আৰম্ভ কৰাৰ সময়ত চৰকাৰে শীঘ্ৰেই বিধেয়কখন গৃহীত কৰাৰ বাবে সকলো ধৰণৰ চেষ্টা চলাব।