November 22, 2025 12:28 PM

views 43

ডুবাই এয়াৰ শ্ব’ত ভাৰতীয় বায়ুসেনা বাহিনীৰ তেজাছ যুদ্ধবিমান দুর্ঘটনাগ্রস্ত

সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰত কালি অনুষ্ঠিত ডুবাই এয়াৰ শ্ব'ত ভাৰতীয় বায়ুসেনা বাহিনীৰ এখন তেজাছ যুদ্ধবিমান দুর্ঘটনাগ্রস্ত হয়। ভাৰতীয় বায়ুসেনাৰ তথ্য অনুসৰি এই দুৰ্ঘটনাত পাইলট উইং কমাণ্ডাৰ নমাংশ শ্যালৰ মৃত্যু হয়। দুৰ্ঘটনাৰ কাৰণ নিশ্চিত কৰাৰ বাবে অনুসন্ধানৰ নিৰ্দেশ দিয়া হৈছে। ভাৰতীয় বায়ুসেনাবাহিনীয়ে এই ঘটনাত প্রাণহানি হোৱা পাইলটগৰাকীৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে তথা শোকসন্তপ্ত পৰিয়ালটোৰ লগত দৃঢ়তাকে থিয় দিছে। উল্লেখযোগ্য যে যুঁজাৰু বিমানখনে এয়াৰ শ্ব'ত অংশগ্ৰহণ কৰাৰ সময়তে এই দুর্ঘটনাটো সং...

July 10, 2025 12:25 PM

views 30

ৰাজস্থানৰ চুৰু জিলাত বায়ুসেনাৰ বিমান দুর্ঘটনাগ্রস্ত

ৰাজস্থানৰ চুৰু জিলাৰ সমীপৰ ৰাজলডেছাৰ আৰক্ষী চকীৰ এলেকাত কালি বায়ুসেনাৰ এখন বিমান দুর্ঘটনাগ্রস্ত হয়। নিয়মীয়া প্ৰশিক্ষণৰ সময়তে এই বিমানখন দুৰ্ঘটনাগ্রস্ত হয়। চুৰুৰ আৰক্ষী অধীক্ষকে জনোৱা মতে দুৰ্ঘটনা সংঘটিত স্থানৰ পৰা দুটা অগ্নিদগ্ধ মৃতদেহ উদ্ধাৰ কৰা হয়। এই ঘটনাত কোনো অসামৰিক লোক হতাহত হোৱা নাই বুলি তেওঁ লগতে প্ৰকাশ কৰে। ইপিনে বায়ুসেনাৰ এই জেগুৱাৰ প্ৰশিক্ষণ বিমানখনৰ দুৰ্ঘটনাৰ তদন্তৰ বাবে এটা তদন্তকাৰী দল গঠন কৰা হৈছে।

February 1, 2025 6:14 PM

views 32

আমেৰিকাৰ উত্তৰ-পূব ফিলাডেলফিয়াত বিমান দুর্ঘটনাগ্ৰস্ত, বহু লোক নিহত হোৱাৰ আশংকা

আমেৰিকাত যোৱা নিশা উত্তৰ-পূব ফিলাডেলফিয়াত এখন বিমান দুর্ঘটনাগ্ৰস্ত হোৱাত বহু লোক নিহত হোৱাৰ আশংকা কৰা হৈছে। দুৰ্ঘটনাটোৰ ফলত বৃহৎ অগ্নিকাণ্ড সংঘটিত হোৱাৰ লগতে অতি জৰুৰীকালীন অৱস্থাৰো সৃষ্টি হোৱাৰো আশংকা কৰা হৈছে। আৰক্ষীয়ে জনোৱা মতে, ৰ'নহাৰ্ষ্টৰ আৱাসিক চুবুৰীৰ ৰুজভেল্ট মলৰ সমীপত এই দুর্ঘটনা সংঘটিত হয়। পেনচিলভেনিয়াৰ গৱৰ্ণৰ জোছ শ্বেপিৰ'ই ছ'চিয়েল মিডিয়াত কয় যে দুৰ্ঘটনাৰ প্ৰতি সঁহাৰি জনাবলৈ প্ৰয়োজনীয় সকলো সাজু কৰা হৈছে। মাত্র দুদিন পূর্বে ৱাশ্বিংটনৰ ৰেগান ৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত যাত্রীবা...