সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰত কালি অনুষ্ঠিত ডুবাই এয়াৰ শ্ব’ত ভাৰতীয় বায়ুসেনা বাহিনীৰ এখন তেজাছ যুদ্ধবিমান দুর্ঘটনাগ্রস্ত হয়। ভাৰতীয় বায়ুসেনাৰ তথ্য অনুসৰি এই দুৰ্ঘটনাত পাইলট উইং কমাণ্ডাৰ নমাংশ শ্যালৰ মৃত্যু হয়। দুৰ্ঘটনাৰ কাৰণ নিশ্চিত কৰাৰ বাবে অনুসন্ধানৰ নিৰ্দেশ দিয়া হৈছে। ভাৰতীয় বায়ুসেনাবাহিনীয়ে এই ঘটনাত প্রাণহানি হোৱা পাইলটগৰাকীৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে তথা শোকসন্তপ্ত পৰিয়ালটোৰ লগত দৃঢ়তাকে থিয় দিছে। উল্লেখযোগ্য যে যুঁজাৰু বিমানখনে এয়াৰ শ্ব’ত অংশগ্ৰহণ কৰাৰ সময়তে এই দুর্ঘটনাটো সংঘটিত হয়।
Assamese | November 22, 2025 12:28 PM | Plan Crash
ডুবাই এয়াৰ শ্ব’ত ভাৰতীয় বায়ুসেনা বাহিনীৰ তেজাছ যুদ্ধবিমান দুর্ঘটনাগ্রস্ত