আমেৰিকাত যোৱা নিশা উত্তৰ-পূব ফিলাডেলফিয়াত এখন বিমান দুর্ঘটনাগ্ৰস্ত হোৱাত বহু লোক নিহত হোৱাৰ আশংকা কৰা হৈছে। দুৰ্ঘটনাটোৰ ফলত বৃহৎ অগ্নিকাণ্ড সংঘটিত হোৱাৰ লগতে অতি জৰুৰীকালীন অৱস্থাৰো সৃষ্টি হোৱাৰো আশংকা কৰা হৈছে। আৰক্ষীয়ে জনোৱা মতে, ৰ’নহাৰ্ষ্টৰ আৱাসিক চুবুৰীৰ ৰুজভেল্ট মলৰ সমীপত এই দুর্ঘটনা সংঘটিত হয়। পেনচিলভেনিয়াৰ গৱৰ্ণৰ জোছ শ্বেপিৰ’ই ছ’চিয়েল মিডিয়াত কয় যে দুৰ্ঘটনাৰ প্ৰতি সঁহাৰি জনাবলৈ প্ৰয়োজনীয় সকলো সাজু কৰা হৈছে।
মাত্র দুদিন পূর্বে ৱাশ্বিংটনৰ ৰেগান ৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত যাত্রীবাহী বিমান আৰু সামৰিক হেলিকপ্টাৰৰ সংঘৰ্ষত ৬৭ জন লোকৰ মৃত্যু হোৱাৰ পিছতে এই দুর্ঘটনা সংঘটিত হয়। ই প্ৰায় ২৫ বছৰৰ ভিতৰত আমেৰিকাৰ আটাইতকৈ মাৰাত্মক বিমান দুর্ঘটনা আছিল।
Assamese | February 1, 2025 6:14 PM | Plan Crash
আমেৰিকাৰ উত্তৰ-পূব ফিলাডেলফিয়াত বিমান দুর্ঘটনাগ্ৰস্ত, বহু লোক নিহত হোৱাৰ আশংকা