July 30, 2026 8:33 PM
6
সংসদত আজি ৰাষ্ট্ৰীয় সন্মানৰ প্ৰতি অপমান প্ৰতিৰোধী সংশোধনী বিধেয়ক ২০২৬ গৃহীত
সংসদত আজি ৰাষ্ট্ৰীয় সন্মানৰ প্ৰতি অপমান প্ৰতিৰোধী সংশোধনী বিধেয়ক ২০২৬ গৃহীত হৈছে। গৃহৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায়ে ৰাষ্ট্ৰীয় সন্মানৰ প্ৰতি অপমান প্ৰতিৰোধী আইন ১৯৭১ সংশোধনৰ বাবে আজি এই বিধেয়ক উত্থাপন কৰে। বন্দে মাতৰমক ৰাষ্ট্ৰীয় সংগীত জন গন মনৰ সমানে সাংবিধানিক মর্যাদা প্ৰদান কৰাই হৈছে এই প্ৰস্তাৱিত বিধেয়কৰ মূল উদ্দেশ্য। এই ক্ষেত্ৰত হোৱা অপৰাধৰ বাবে তিনি বছৰৰ কাৰাবাস, জৰিমনা অথবা কাৰাবাস আৰু জৰিমনাৰ শাস্তি হ'ব পাৰে ৷ বিধেয়ক সন্দৰ্ভত হোৱা আলোচনাৰ উত্তৰত গৃহ ৰাজ্যমন্ত্ৰীগৰাকীয়ে কয়, যে এই ব...