July 30, 2026 8:33 PM | Parliyment

printer

সংসদত আজি ৰাষ্ট্ৰীয় সন্মানৰ প্ৰতি অপমান প্ৰতিৰোধী সংশোধনী বিধেয়ক ২০২৬ গৃহীত

সংসদত আজি ৰাষ্ট্ৰীয় সন্মানৰ প্ৰতি অপমান প্ৰতিৰোধী সংশোধনী বিধেয়ক ২০২৬ গৃহীত হৈছে। গৃহৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায়ে ৰাষ্ট্ৰীয় সন্মানৰ প্ৰতি অপমান প্ৰতিৰোধী আইন ১৯৭১ সংশোধনৰ বাবে আজি এই বিধেয়ক উত্থাপন কৰে। বন্দে মাতৰমক ৰাষ্ট্ৰীয় সংগীত জন গন মনৰ সমানে সাংবিধানিক মর্যাদা প্ৰদান কৰাই হৈছে এই প্ৰস্তাৱিত বিধেয়কৰ মূল উদ্দেশ্য। এই ক্ষেত্ৰত হোৱা অপৰাধৰ বাবে তিনি বছৰৰ কাৰাবাস, জৰিমনা অথবা কাৰাবাস আৰু জৰিমনাৰ শাস্তি হ’ব পাৰে ৷

বিধেয়ক সন্দৰ্ভত হোৱা আলোচনাৰ উত্তৰত গৃহ ৰাজ্যমন্ত্ৰীগৰাকীয়ে কয়, যে এই বিধেয়কখন কেৱল আইনী সংশোধনেই নহয়। বিধেয়কখনে দেশৰ সাংস্কৃতিক ঐতিহ্য, ৰাষ্ট্ৰীয় পৰিচয় আৰু দেশৰ স্বাধীনতা সংগ্ৰামৰ আদৰ্শকো প্রতিনিধিত্ব কৰিছে। তেওঁ কয়, যে ১৯৭১ চনৰ ৰাষ্ট্ৰীয় সন্মানৰ প্ৰতি অপমান প্ৰতিৰোধী আইনৰ জৰিয়তে ৰাষ্ট্ৰীয় সংগীতৰ প্ৰতি সন্মান সুনিশ্চিত কৰাৰ ব্যৱস্থা কৰা হৈছে। শ্ৰী ৰায়ে কয়, যে বন্দে মাতৰম কেৱল এটা গীত নহয়, বৰঞ্চ ৰাষ্ট্ৰৰ আত্মাৰ কণ্ঠ। তেওঁ কয়, যে এই বিধেয়কৰ জৰিয়তে একতা, সন্মান আৰু দেশৰ স্বাধীনতা সংগ্ৰামৰ ঐতিহ্য আৰু আদৰ্শক অধিক শক্তিশালী কৰিব ।

আলোচনাত অংশগ্ৰহণ কৰি ডি এম কেৰ কে কানিম’ঝিয়ে এই বিধেয়কৰ বিৰোধিতা কৰি কয়, যে বিধেয়কখনে দেশৰ জনসাধাৰণৰ মাজত বিভেদ সৃষ্টি কৰিব। বিধেয়কখনৰ প্ৰতি সমৰ্থন আগবঢ়াই বিজেপিৰ সম্বিত পাত্রই কয়, যে এই বিধেয়কখন যথেষ্ট গুৰুত্বপূৰ্ণ। তেওঁ কয়, যে এই বিধেয়কৰ জৰিয়তে নৰেন্দ্ৰ মোদী চৰকাৰে ৰাষ্ট্ৰীয় গীতক আইনী সংৰক্ষণ প্ৰদান কৰিছে। এই বিধেয়ক গৃহীত হোৱাৰ পাছত লোকসভা কাইলৈ দিনৰ ১১ বজালৈ স্থগিত ৰখা হয় ৷