এখন দেশ এটা নিৰ্বাচনৰ সৈতে জড়িত দুখন বিধেয়ক সন্দৰ্ভত আজি যুটীয়া সংসদীয় সমিতিৰ প্রথমখন বৈঠক অনুষ্ঠিত হ‘ব। উল্লেখযোগ্য যে আনুষ্ঠানিকভাৱে সংবিধান বিধেয়ক ২০২৪ আৰু কেন্দ্রীয়শাসিত অঞ্চল আইন সংশোধনী বিধেয়ক ২০২৪ হিচাপে বিধেয়ক দুখনৰ নামৰ প্ৰস্তাৱিত কৰা হৈছে। লোকসভাৰ পৰা ২৭ জন আৰু ৰাজ্যসভাৰ পৰা ১২ জন সদস্যলৈ গঠিত ৩৯ জনীয়া সমিতিয়ে পৰৱৰ্তী সংসদ অধিৱেশনৰ প্ৰথম দিনা প্ৰতিবেদন দাখিল কৰিব।
Assamese | January 8, 2025 1:40 PM | Parliyment
এখন দেশ এটা নিৰ্বাচনৰ সৈতে জড়িত দুখন বিধেয়ক সন্দৰ্ভত যুটীয়া আজি সংসদীয় সমিতিৰ বৈঠক