July 26, 2024 7:52 PM

views 47

ভাৰতীয় সময় অনুসৰি নিশা ১১ বজাত ২০২৪ বৰ্ষৰ পেৰিছ অলিম্পিকৰ উদ্বোধনী অনুষ্ঠান

পেৰিছ অলিম্পিকৰ উদ্বোধনী অনুষ্ঠান আজি ভাৰতীয় সময় অনুসৰি নিশা ১১ বজাত অনুষ্ঠিত হ'ব। ইতিহাসত প্ৰথমবাৰৰ বাবে এইবেলি মুকলি আকাশৰ তলত অলিম্পিক ক্রীড়া সমাৰোহৰ উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সমাৰোহত অংশগ্ৰহণ কৰা দেশসমূহৰ প্ৰায় ১০ হাজাৰ ৫০০ গৰাকী খেলুৱৈক ১০০ খন নাৱেৰে পেৰিছৰ দৰ্শনীয় স্থল সমূহৰ ওচৰেৰে লৈ যোৱা হ'ব আৰু এইদৰে দেশসমূহৰ কুচকাৱাজ অনুষ্ঠিত হ'ব। অষ্টাৰলিজ দলঙৰ ওচৰত আৰম্ভ হৈ এই কুচকাৱাজৰ আইফেল টাৱাৰৰ ওচৰত অন্ত পৰিব। ইয়াৰ পাচতে অলিম্পিক শিখা প্রজ্বলন কৰা হ'ব আৰু তাৰ লগে লগে অলিম্পিক ক্র...

July 25, 2024 8:27 PM

views 32

পেৰিছ অলিম্পিকত সুন্দৰ প্ৰদৰ্শনেৰে ভাৰতৰ মহিলাৰ আৰ্চাৰী দলৰ অভিযান আৰম্ভ

পেৰিছ অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানৰ এদিন পূৰ্বে ভাৰতৰ মহিলাৰ আৰ্চাৰী দলে আজি সুন্দৰ প্ৰদৰ্শনেৰে অভিযান আৰম্ভ কৰিছে। দলটোৱে ৰেংকিং ৰাউণ্ডত চতুৰ্থ স্থান দখল কৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰিছে। কোৱাৰ্টাৰ ফাইনেলত ভাৰত আয়োজক দেশ ফ্রান্স আৰু নেডাৰলেণ্ডছৰ মাজৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলৰ বিজয়ী দলটোৰ বিপক্ষে অৱতীৰ্ণ হ'ব। পুৰুষৰ ব্যক্তিগত শিতানত ধীৰাজ বোম্মাদেৱৰা, তৰুণদীপ ৰায় আৰু প্ৰবীণ যাদৱে দেশক প্ৰতিনিধিত্ব কৰিব। ভাৰতীয় সময় অনুসৰি কাইলৈ নিশা ১১ বজাত উদ্বোধনী অনুষ্ঠান আৰম্ভ হ'ব। এইবাৰ ভাৰতীয় দলট...