পেৰিছ অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানৰ এদিন পূৰ্বে ভাৰতৰ মহিলাৰ আৰ্চাৰী দলে আজি সুন্দৰ প্ৰদৰ্শনেৰে অভিযান আৰম্ভ কৰিছে। দলটোৱে ৰেংকিং ৰাউণ্ডত চতুৰ্থ স্থান দখল কৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰিছে। কোৱাৰ্টাৰ ফাইনেলত ভাৰত আয়োজক দেশ ফ্রান্স আৰু নেডাৰলেণ্ডছৰ মাজৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলৰ বিজয়ী দলটোৰ বিপক্ষে অৱতীৰ্ণ হ’ব। পুৰুষৰ ব্যক্তিগত শিতানত ধীৰাজ বোম্মাদেৱৰা, তৰুণদীপ ৰায় আৰু প্ৰবীণ যাদৱে দেশক প্ৰতিনিধিত্ব কৰিব। ভাৰতীয় সময় অনুসৰি কাইলৈ নিশা ১১ বজাত উদ্বোধনী অনুষ্ঠান আৰম্ভ হ’ব। এইবাৰ ভাৰতীয় দলটোৰ ছেফ দ্য মিছন হিচাপে তাৰকা শ্বুটাৰ গগন নাৰঙক দায়িত্ব অর্পণ কৰা হৈছে। আনহাতে, বেডমিণ্টন তাৰকা পি ভি সিন্ধু আৰু টেবুল টেনিছ শৰ্থ কমলে ভাৰতীয় দলৰ পতাকা বহন কৰিব। তদুপৰি ৩০গৰাকী সদস্যযুক্ত ভাৰতৰ এথলেটিক দলটোক জেভলিন তাৰকা নীজ চোপ্ৰাই নেতৃত্ব দিব। এইবাৰ অলিম্পিকলৈ ভাৰতে ১১৭জনীয়া খেলুৱৈৰ দল প্ৰেৰণ কৰিছে। ১১ আগষ্টলৈকে চলিবলগীয়া এই অলিম্পিকত ১৯৬খন ৰাষ্ট্ৰৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰিব। এইবাৰ প্ৰথমবাৰৰ বাবে ব্রেক ডেন্সিংক অলিম্পিকত খেল হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে।
Assamese | July 25, 2024 8:27 PM | Paris Olympic
পেৰিছ অলিম্পিকত সুন্দৰ প্ৰদৰ্শনেৰে ভাৰতৰ মহিলাৰ আৰ্চাৰী দলৰ অভিযান আৰম্ভ