পেৰিছ অলিম্পিকৰ উদ্বোধনী অনুষ্ঠান আজি ভাৰতীয় সময় অনুসৰি নিশা ১১ বজাত অনুষ্ঠিত হ’ব। ইতিহাসত প্ৰথমবাৰৰ বাবে এইবেলি মুকলি আকাশৰ তলত অলিম্পিক ক্রীড়া সমাৰোহৰ উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সমাৰোহত অংশগ্ৰহণ কৰা দেশসমূহৰ প্ৰায় ১০ হাজাৰ ৫০০ গৰাকী খেলুৱৈক ১০০ খন নাৱেৰে পেৰিছৰ দৰ্শনীয় স্থল সমূহৰ ওচৰেৰে লৈ যোৱা হ’ব আৰু এইদৰে দেশসমূহৰ কুচকাৱাজ অনুষ্ঠিত হ’ব। অষ্টাৰলিজ দলঙৰ ওচৰত আৰম্ভ হৈ এই কুচকাৱাজৰ আইফেল টাৱাৰৰ ওচৰত অন্ত পৰিব। ইয়াৰ পাচতে অলিম্পিক শিখা প্রজ্বলন কৰা হ’ব আৰু তাৰ লগে লগে অলিম্পিক ক্রীড়া সমাৰোহৰ আনুষ্ঠানিক উদ্বোধন হ’ব। উদ্বোধনী অনুষ্ঠানত বেডমিণ্টন তাৰকা পি ভি সিন্ধু আৰু টেবুল টেনিছ খেলুৱৈ শৰথ কমলে ভাৰতীয় দলৰ পতাকা বহন কৰিব। কুচকাৱাজৰ সময় ছোৱাত ভাৰতীয় দলৰ সদস্যসকলে দেশৰ পতাকাৰ আৰ্হিত প্ৰস্তুত কৰা পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰিব । ভাৰতে এইবাৰৰ অলিম্পিকত ১১৭ জনীয়া দল প্ৰেৰণ কৰিছে। আৰ্ছাৰীত পুৰুষ আৰু মহিলা দলে ইতিমধ্যে কোৱাৰ্টাৰ ফাইনেলত প্ৰবেশ কৰিছে। পুৰুষৰ দলটোৱে ২০১৩ পইণ্ট লাভ কৰি কোৱাৰ্টাৰ ফাইনেলত স্থান লাভ কৰাৰ বিপৰীতে মহিলা দলটোৱে ১৯৮৩ পইণ্ট লাভ কৰে। বক্সিঙত লাভলীনা বৰগোহাইয়ে অহা ৩১ জুলাইত নৰৱে’ৰ প্ৰতিদ্বন্দিৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব।
Assamese | July 26, 2024 7:52 PM | Paris Olympic
ভাৰতীয় সময় অনুসৰি নিশা ১১ বজাত ২০২৪ বৰ্ষৰ পেৰিছ অলিম্পিকৰ উদ্বোধনী অনুষ্ঠান