August 1, 2024 6:37 PM

views 54

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ পি আই বি গুৱাহাটীৰ সহযোগত শ্রোতাৰ বাবে অলিম্পিক কুইজৰ আয়োজন

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে পি আই বি গুৱাহাটীৰ সহযোগত শনিবাৰে নিশা ৮ বাজি ২ মিনিটত শ্রোতাৰ বাবে অলিম্পিক কুইজৰ আয়োজন কৰিছে। সেইদিনা পেৰিছ অলিম্পিক সন্দৰ্ভত হ'বলগীয়া দৃষ্টিপাত অনুষ্ঠানত শ্ৰোতাৰ বাবে প্ৰশ্ন সোধা হ'ব। কুইজ প্রতিযোগিতাৰ বাবে দৃষ্টিপাত অনুষ্ঠানৰ যোগেদি শ্রোতাসকলে উত্তৰ দিব পাৰিব।

August 1, 2024 5:48 PM

views 63

পেৰিছ অলিম্পিকত পুৰুষৰ ৫০ মিটাৰ ৰাইফলৰ থ্ৰী পজিছন শিতানত ভাৰতৰ স্বপ্নীল কুশালৰ ব্ৰঞ্জৰ পদক লাভ

পেৰিছ অলিম্পিকত আজিৰে পৰা এথলেটিক্‌ছ প্রতিযোগিতা অনুষ্ঠিত হৈছে। পেৰিছ অলিম্পিকত আজি ভাৰতৰ স্বপ্নীল কুশালে পুৰুষৰ ৫০ মিটাৰ ৰাইফলৰ থ্ৰী পজিছন শিতানত লাভ কৰা ব্ৰঞ্জৰ পদকেৰে ভাৰতৰ মুঠ পদকৰ সংখ্যা ৩ লৈ বৃদ্ধি পালে। এই শিতানত কুশালে প্রথমগৰাকী ভাৰতীয় হিচাপে পদক জয় কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে খেলুৱৈগৰাকীক অভিনন্দন জ্ঞাপন কৰিছে। দুবাৰকৈ বিশ্ব চেম্পিয়নৰ খিতাপ অৰ্জন কৰা নিখাট জাৰিনে মহিলাৰ বক্সিঙৰ ৫০ কিলোগ্রাম ওজন শাখাৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত এছিয়ান গেমছৰ চেম্পিয়ন রু য়ুৰ বিৰুদ্ধে পৰাজয় বৰ...

August 1, 2024 1:35 PM

views 62

পেৰিছ অলিম্পিকত ভাৰতৰ স্বপ্নীল কুশাল পুৰুষৰ ৫০ মিটাৰ ৰাইফলৰ থ্রী পজিছন শিতানত অৱতীৰ্ণ

ভাৰতৰ স্বপ্নীল কুশালে আজি পেৰিছ অলিম্পিকৰ পুৰুষৰ ৫০ মিটাৰ ৰাইফলৰ থ্রী পজিছন শিতানত পদক জয়ৰ প্ৰত্যাশাৰে ভাৰতীয় সময় অনুসৰি দিনৰ ১ বজাত অৱতীৰ্ণ হ'ব। একেদৰে দুবাৰকৈ বিশ্ব চেম্পিয়নৰ খিতাপ অৰ্জন কৰা নিখাট জৰিনে মহিলাৰ বক্সিঙৰ ৫০ কিলোগ্রাম ওজন শাখাৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত এছিয়ান গেমছৰ চেম্পিয়ন ৰু য়ুৰ বিৰুদ্ধে খেলিব। খেলখন দিনৰ আঢ়ৈ বজাত অনুষ্ঠিত হ'ব। ছিট কৌৰ আৰু অঞ্জুম মুডগিলে মহিলাৰ ৫০ মিটাৰ ৰাইফলৰ থ্রী পজিছন শিতানৰ যোগ্যতা নিৰূপণৰ ৰাউণ্ডৰ খেলেৰে বিয়লি চাৰে ৩ বজাত নিজৰ অভিযান আৰম্ভ কৰিব। ইপিনে...

August 1, 2024 12:38 PM

views 59

পেৰিছ অলিম্পিকত আজিৰে পৰা এথলেটিক্স প্রতিযোগিতা সমূহ অনুষ্ঠিত হ’ব

চলিত পেৰিছ অলিম্পিকত আজিৰে পৰা এথলেটিক্স প্রতিযোগিতা সমূহ অনুষ্ঠিত হ'ব। ভাৰতীয় সময় অনুসৰি দিনৰ ১১ বজাত পুৰুষৰ ২০ কিলোমিটাৰ বেগাই খোজকঢ়া প্রতিযোগিতাত ভাৰতৰ অশদ্বীপ সিং, বিকাশ আৰু পৰমজিৎ সিঙে অংশ ল'ব। ইপিনে, দিনৰ ১২ বাজি ৫০ মিনিটত মহিলাৰ ২০ কিলোমিটাৰ খোজকঢ়া প্রতিযোগিতাত একমাত্ৰ ভাৰতীয় হিচাপে প্রিয়ংকা গোস্বামীয়ে অংশ ল'ব। উল্লেখযোগ্য যে, এই দুয়োবিধ খেলৰ আজিয়েই পদক নির্ণয় হ'ব। আনহাতে, আজি ভাৰতৰ আটাইকেইগৰাকী তাৰকা বেডমিণ্টন খেলুৱৈয়ে নক আউট মেছত অংশ ল'ব। দিনৰ ১২ বজাত হ'ব লগা পুৰুষৰ একক শাখাত...

July 29, 2024 8:33 PM

views 52

পেৰিছ অলিম্পিকত ১০ মিটাৰ এয়াৰ ৰাইফলৰ মহিলা শাখাত ভাৰতৰ ৰমিতা জিন্দালৰ সপ্তম স্থান দখল

আজি পেৰিছ অলিম্পিকত ভাৰতৰ অৰ্জুন বাবুটাই ১০মিটাৰ এয়াৰ ৰাইফলৰ পুৰুষ শাখাৰ ফাইনেলত চতুর্থ স্থানতে সন্তুষ্ট থাকিবলগীয়া হয়। ইপিনে, ১০ মিটাৰ এয়াৰ ৰাইফলৰ মহিলা শাখাত ভাৰতৰ ৰমিতা জিন্দালে সপ্তম স্থান দখল কৰে। খেলত চীনৰ চেং লিহাওয়ে সোণৰ পদক, চুইডেনৰ ভিক্টৰ লিওগ্ৰীনে ৰূপ আৰু ক্ৰয়েছিয়াৰ মিৰান মেৰিকিকে ব্ৰঞ্জৰ পদক দখল কৰে।

July 29, 2024 8:13 PM

views 51

ভাৰতীয় শ্বুটাৰ ৰমিতা জিন্দাল ১০ মিটাৰ এয়াৰ ৰাইফলত মহিলাৰ ফাইনেলৰ মেডেল ৰাউণ্ডত পদক জয়ত ব্যৰ্থ

পেৰিছ অলিম্পিকৰ চতুৰ্থ দিনা আজি ভাৰতীয় শ্বুটাৰ ৰমিতা জিন্দাল ১০ মিটাৰ এয়াৰ ৰাইফল মহিলাৰ চূড়ান্ত ৰাউণ্ডত পদক জয়ত ব্যৰ্থ হৈছে। ৰমিতা জিন্দাল ফাইনেল ৰাউণ্ডত সপ্তম স্থানত থমিক ৰয়। একেদৰে ১০ মিটাৰ এয়াৰ ৰাইফল পুৰুষ শাখাৰ ফাইনেলত ভাৰতৰ শ্বুটাৰ অৰ্জুন বাবুটাই চতুর্থ স্থানতে থমকি ৰয় । আনহাতে, সৰবজোৎ সিঙৰ সৈতে মনু ভাকেৰেৰ যুটীটোয়ে ১০ মিটাৰ এয়াৰ পিষ্টল মিক্সড দলৰ কোৱালিফিকেচন ৰাউণ্ডত খেলি পৰৱৰ্তী ৰাউণ্ডলৈ উন্নীত হৈছে। ইফালে আজি বিয়লি অনুষ্ঠিত হোৱা পুৰুষৰ হকীত ভাৰতে আৰ্জেণ্টিনাৰ বিৰুদ্ধে ১-১ গ'লেৰ...

July 28, 2024 12:04 PM

views 58

পেৰিছ অলিম্পিকত ভাৰতীয় শ্বুটাৰ মানু মহিলাৰ ১০মিটাৰ এয়াৰ ৰাইফলচৰ ফাইনেলত প্ৰৱেশ

পেৰিছ অলিম্পিকত আজি ভাৰতীয় শ্বুটাৰ মানু আজি শ্বেট' শুটিং কেন্দ্ৰত হ'বলগীয়া মহিলাৰ ১০মিটাৰ এয়াৰ ৰাইফলচৰ ফাইনেলত অৱতীৰ্ণ হ'ব। খেলখন বিয়লি চাৰে তিনি বজাত আৰম্ভ হ'ব পুৰুষ আৰু মহিলা উভয় শাখাৰ ১০মিটাৰ এয়াৰ ৰাইফলচত ৰমিতা জিন্দাল, এলাভেনিল ভালাৰিৱান, সনদীপ সিং আৰু অর্জুন বাবুতায়েও প্রতিযোগিতাত অৱতীৰ্ণ হ'ব। ভাৰতীয় খেলুৱৈসকলে আজি আৰ্চাৰী, টেবুল টেনিচ আৰু বেডমিন্টন প্রতিযোগিতাতো অংশ ল'ব। মহিলাৰ দলীয় আৰ্চাৰীৰ কোৱাৰ্টাৰ ফাইনেলত দীপিকা কুমাৰী, অংকিতা ভকত আৰু ভজন কৌৰে চেমি ফাইনেলত প্ৰৱেশৰ জৰিয়তে পদক ...

July 28, 2024 12:01 PM

views 42

পেৰিছ অলিম্পিকত বেডমিণ্টনৰ গ্রুপ পৰ্যায়ত বেডমিণ্টন খেলুৱৈ ছিৰাগ চেট্টি, সাত্বিক সাইৰাজ ৰণকীৰেড্ডী আৰু লক্ষ সেনৰ জয়লাভ

ভাৰতীয় বেডমিণ্টন খেলুৱৈ ছিৰাগ চেট্টি, সাত্বিক সাইৰাজ ৰণকীৰেড্ডী আৰু লক্ষ সেনে পেৰিছ অলিম্পিকত বেডমিণ্টনত গ্রুপ পৰ্যায়ত নিজৰ নিজৰ প্ৰথমখন খেলত জয়লাভ কৰিছে। প্ৰথমবাৰৰ বাবে অলিম্পিকত অংশগ্রহণ কৰা লক্ষ সেনে গুৱাটেমালাৰ কেবিন কনক ২১–৮, ২২-১০ত পৰাস্ত কৰে। সেনে পৰৱৰ্তী খেলখন সোমবাৰে জুলিয়ান কেৰাগীৰ বিৰুদ্ধে খেলিব। আনহাতে পুৰুষৰ ডাবলছত ছিৰাগ চেট্টি আৰু সাত্বিক সাইৰাজ ৰণকীৰেড্ডীৰ যুটীটোৱে ফ্ৰান্সৰ লুকাচ কোৱী আৰু ৰোনান লাবৰক পৰাস্ত কৰে। ইপিনে, মহিলাৰ ডাবলছত ভাৰতৰ টানিছা ক্ৰাষ্টো আৰু অশ্বিনী পোনাপ্পাৰ ...

July 20, 2024 6:34 PM

views 39

পেৰিছ অলিম্পিকত অংশগ্ৰহণ কৰিবলগীয়া ১১৭ গৰাকী ভাৰতীয় এথলিটৰ মাজত ২৪ গৰাকী সশস্ত্র বাহিনীৰ জোৱান

পেৰিছত ২৬ জুলাইত আৰম্ভ হ’বলগীয়া অলিম্পিক গেমছত অংশগ্ৰহণ কৰিবলগীয়া ১১৭ গৰাকী ভাৰতীয় এথলিটৰ মাজত সশস্ত্র বাহিনীৰ ২৪ গৰাকী জোৱানো আছে। এই ২৪ গৰাকী এথলিটৰ ২২ জনেই পুৰুষ আৰু দুগৰাকী মহিলা। তেওঁলোকৰ মাজত তাৰকা জেভেলিন খেলুৱৈ ছুবেদাৰ নীজ চোপ্ৰাও আছে। প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে প্ৰকাশ কৰিছে যে, এইবাৰৰ অলিম্পিকত প্ৰথমবাৰৰ বাবে সামৰিক বাহিনীৰ দুগৰাকী মহিলা জোৱানে অংশগ্রহণ কৰিব। ছুবেদাৰ নীৰজ চোপ্ৰাই ২০২০ চনৰ টকিঅ’ অলিম্পিকত সোণৰ পদক লাভ কৰিছিল। এইবাৰো তেওঁ এই খিতাপ অক্ষুণ্ণ ৰখাৰ চেষ্টা কৰিব। প্ৰতিৰক্ষা মন...