পেৰিছ অলিম্পিকত আজিৰে পৰা এথলেটিক্ছ প্রতিযোগিতা অনুষ্ঠিত হৈছে। পেৰিছ অলিম্পিকত আজি ভাৰতৰ স্বপ্নীল কুশালে পুৰুষৰ ৫০ মিটাৰ ৰাইফলৰ থ্ৰী পজিছন শিতানত লাভ কৰা ব্ৰঞ্জৰ পদকেৰে ভাৰতৰ মুঠ পদকৰ সংখ্যা ৩ লৈ বৃদ্ধি পালে। এই শিতানত কুশালে প্রথমগৰাকী ভাৰতীয় হিচাপে পদক জয় কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে খেলুৱৈগৰাকীক অভিনন্দন জ্ঞাপন কৰিছে। দুবাৰকৈ বিশ্ব চেম্পিয়নৰ খিতাপ অৰ্জন কৰা নিখাট জাৰিনে মহিলাৰ বক্সিঙৰ ৫০ কিলোগ্রাম ওজন শাখাৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত এছিয়ান গেমছৰ চেম্পিয়ন রু য়ুৰ বিৰুদ্ধে পৰাজয় বৰণ কৰে। হকীত গ্রুপ-বিৰ কোৱালিফায়াৰ খেলত ভাৰত বেলজিয়ামৰ বিৰুদ্ধে ২-১৩ পৰাজিত হৈছে। ছিফ্ফ্ট কৌৰ আৰু অঞ্জুম মুডগিলে মহিলাৰ ৫০ মিটাৰ ৰাইফলৰ থ্রী পজিছন শিতানৰ যোগ্যতা নিৰূপণৰ ৰাউণ্ডৰ খেলেৰে অভিযান আৰম্ভ কৰিছে। ইপিনে, পি ভি সিন্ধু, লক্ষ্য সেন আৰু এইছ এছ প্ৰণয় বেডমিণ্টনৰ ছিংগলছত নক-আউট পৰ্যায়ৰ খেলত অৱতীৰ্ণ হ’ব। আনহাতে, সাত্বিকছাইৰাজ ৰণকীৰেড্ডী আৰু চিৰাগ চেট্টীয়ে ডাবলছৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত দেশক প্ৰতিনিধিত্ব কৰিব।
Assamese | August 1, 2024 5:48 PM | Olympic | Paris Olympic 2024
পেৰিছ অলিম্পিকত পুৰুষৰ ৫০ মিটাৰ ৰাইফলৰ থ্ৰী পজিছন শিতানত ভাৰতৰ স্বপ্নীল কুশালৰ ব্ৰঞ্জৰ পদক লাভ