October 4, 2026 7:03 PM
5
চলিত মাহৰ ১৩ তাৰিখে পবিতৰা অভয়াৰণ্য পৰ্যটকৰ বাবে মুকলি
ৰাজ্যৰ পৰিবেশ পৰ্যটনৰ অতি গুৰুত্বপূৰ্ণ কেন্দ্ৰ কেন্দ্ৰ পবিতৰা অভয়াৰণ্য চলিত মাহৰ ১৩ তাৰিখে পৰ্যটকৰ বাবে মুকলি কৰা হ'ব। এটা খড়গ যুক্ত গঁড়ৰ আটাইতকৈ বেছি ঘন বসতিপূর্ণ অভয়াৰণ্যখন এশতকৈও অধিক গঁড়, প্রায় এহেজাৰ ৫০০ বনৰীয়া মহ আৰু বহুতো পৰিভ্ৰমী চৰাইৰ অভিকেন্দ্ৰ। উল্লেখযোগ্য যে বিগত বৰ্ষত অভয়াৰণ্যখনত ৩৫ হাজাৰ ২৬৫ গৰাকী পৰ্যটকৰ আগমণ ঘটিছিল। ইয়াৰে ৬৭৬ গৰাকী বিদেশী পৰ্যটক আছিল। বিগত বৰ্ষত অভয়াৰণ্যখনে ৮১ লাখ ৫৮ হাজাৰ ২৫০ টকাৰ ৰাজহ সংগ্ৰহ কৰে। অভয়াৰণ্য কৰ্তৃপক্ষই এইবাৰ অধিক পৰ্যটক আগমনৰ আশা প্ৰকা...