পবিতৰা অভয়াৰণ্যত আজি বন বিভাগৰ উদ্যোগত বিষাক্ত পার্থেনিয়াম ঘাঁহ নষ্ট কৰাৰ অভিযান আৰম্ভ কৰা হয়। আজি প্ৰথম দিনা অভয়াৰণ্যখনৰ বন বিষয়া প্ৰাঞ্জল বৰুৱাৰ নেতৃত্বত প্ৰায় ৪০ গৰাকী বনকর্মীয়ে এই অভিযানত অংশ লৈ প্ৰায় ৫ দশমিক ২ হেক্টৰ এলেকাত এই ঘাঁহবিধ নষ্ট কৰে ৷ কাইলৈ দলটোৱে পবিতৰা জীপ চাফাৰি সংস্থাৰ সৈতে একেলগ হৈ তামুলীদোৱা অঞ্চলত এই অভিযান চলাব বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে।
Assamese | August 9, 2025 10:18 PM | Pabitora
পবিতৰা অভয়াৰণ্যত বন বিভাগৰ উদ্যোগত বিষাক্ত পার্থেনিয়াম ঘাঁহ নষ্ট কৰাৰ অভিযান