মৰিগাঁও জিলাৰ পবিতৰা অভয়াৰণ্যত বন বিভাগ তথা প্ৰকৃতি প্ৰেমী সংগঠন আৰণ্যক আৰু আন কেইবাটাও বেচৰকাৰী সংস্থাৰ সহযোগত আজি জলচৰ পক্ষী গণনা কাৰ্যসূচী সম্পন্ন কৰা হয়। ২০২৩-২৪ বৰ্ষত ৫৬টা প্ৰজাতিৰ প্ৰায় ৮ হাজাৰ পক্ষীৰ তুলনাত এইবাৰ প্ৰায় ১০ হাজাৰ প্ৰজাতিৰ পক্ষী আছে বুলি গণনাকাৰীসকলে প্ৰকাশ কৰিছে। অভয়াৰণ্যখনত পক্ষীৰ সংখ্যা বৃদ্ধি হোৱাৰ লগতে কেইবাটাও নতুন প্ৰজাতিৰ চৰাই দেখিবলৈ পোৱা গৈছে বুলি পবিতৰা অভয়াৰণ্যৰ বন আঞ্চলিক বিষয়া প্ৰাঞ্জল বৰুৱাই জানিবলৈ দিয়ে।
Assamese | January 18, 2025 8:00 PM | Pabitora
পবিতৰা অভয়াৰণ্যত জলচৰ পক্ষী গণনা কাৰ্যসূচী সম্পাদন