May 9, 2025 12:35 PM

views 46

পাঠানকোট, জলন্ধৰ, অমৃতসৰ, ভাটিন্দাকে ধৰি কেইবাটাও স্থানক লক্ষ্য কৰি পাকিস্তানে কৰা একাধিক আক্ৰমণৰ প্ৰচেষ্টাক প্রতিহত সশস্ত্ৰ বাহিনীৰ

পঞ্জাবত সশস্ত্র বাহিনীয়ে যোৱা নিশা পাঠানকোট, জলন্ধৰ, অমৃতসৰ, ভাটিন্দাকে ধৰি কেইবাটাও স্থানক লক্ষ্য কৰি পাকিস্তানে কৰা একাধিক আক্ৰমণৰ প্ৰচেষ্টাক প্রতিহত কৰে। জলন্ধৰ, পাঠানকোট আৰু ভাটিণ্ডাকে ধৰি কেইবাখনো জিলাৰ উপ আয়ুক্ত আৰু আৰক্ষী অধীক্ষকে জানিবলৈ দিছে যে, পাকিস্তানে ড্ৰ'নকে ধৰি নিক্ষেপ কৰা আন বিভিন্ন ক্ষেপনাস্ত্র সশস্ত্র বাহিনীয়ে নিষ্ক্রিয় কৰে। এই আক্ৰমণত এই পর্যন্ত কোনো ক্ষয়-ক্ষতিৰ খবৰ প্ৰকাশ পোৱা নাই। পাকিস্তানৰ সৈতে ৫৫৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ সীমান্ত বাটোৱাৰা পঞ্জাবত সম্প্রতি হাই এলাৰ্ট জাৰি ...

May 7, 2025 12:47 PM

views 81

ভাৰতীয় সশস্ত্র বাহিনীৰ অপাৰেচন সিন্দূৰ আৰম্ভ

ভাৰতীয় সশস্ত্র বাহিনীয়ে পাকিস্তান আৰু পাকিস্তান অধিকৃত জম্মু-কাশ্মীৰৰ সন্ত্ৰাসবাদীৰ ঘাটিত মাজনিশা আক্রমণ চলাই অপাৰেচন সিন্দূৰ আৰম্ভ কৰে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে এটা বিবৃতিত প্ৰকাশ কৰা মতে, সেনাই মুঠ ৯টা স্থানত আক্রমণ চলায়। এই আক্ৰমণত কোনো পাকিস্তানী সামৰিক ঘাটিক লক্ষ্য কৰি লোৱা হোৱা নাই বুলি মন্ত্ৰালয়ে জানিবলৈ দিয়ে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ওৰে নিশা এই সমগ্ৰ অভিযান নিৰীক্ষণ কৰে। ভাৰতে আক্ৰমণৰ লক্ষ্য নিৰ্ধাৰণ আৰু কাৰ্য সম্পাদন কৰাৰ ক্ষেত্ৰত যথেষ্ট সংযম ৰক্ষা কৰিছে বুলি বিবৃতিটোত উল্লেখ ...