September 20, 2026 8:17 PM

views 9

নেপালৰ বিধবংসী বানৰ পাছত এতিয়াও সন্ধানহীন লোকসকলক উদ্ধাৰ কৰাৰ বাবে অভিযান অব্যাহত আছে

নেপালৰ বিধবংসী বানত সহস্রাধিক লোকে প্রাণ হেৰুওৱাৰ প্ৰায় এমাহ পাছত দেশখনত এতিয়াও বানত সন্ধানহীন লোকসকলক উদ্ধাৰ কৰাৰ বাবে অভিযান অব্যাহত আছে। উল্লেখযোগ্য যে দেশখনত বানত প্রায়  ১৪০০ লোক নিহত হোৱাৰ লগতে এতিয়াও প্ৰায় ৬ হাজাৰ লোক সন্ধানহীন হৈ আছে। দেশখনৰ ৰাছুৱা আৰু সমীপৰ জিলাসমূহত ক্ষতিগ্রস্ত তাপবিদ্যুৎ প্রকল্প তথা ধবংস হৈ যোৱা অঞ্চলসমূহৰ লগতে নৈসমূহৰ সমীপত এই লোকসকলক বিচাৰি অনুসন্ধান অভিযান চলাই থকা হৈছে। ছেপ্তেম্বৰ মাহৰ আৰম্ভণিতে নেপাল সেনাবাহিনীৰ এগৰাকী বিষয়াই কয় যে বানত ক্ষতিগ্রস্ত সুৰংগসমূহৰ পৰা ...

September 3, 2026 12:16 PM

views 21

নেপালৰ প্ৰলয়ংকাৰী বানত মৃত্যু হোৱা লোকৰ সংখ্যা ১,২৫০ লৈ বৃদ্ধি

নেপালৰ প্ৰলয়ংকাৰী বানত মৃত্যু হোৱা লোকৰ সংখ্যা এহেজাৰ ২৫০ লৈ বৃদ্ধি হৈছে। হিমালয়ৰ কাষৰীয়া অঞ্চলত মাটিৰ তলৰ বিদ্যুৎ উৎপাদন কেন্দ্ৰ আৰু ভোটে কোশী নৈৰ কাষৰীয়া সুৰংগসমূহত আবদ্ধ হৈ থকা লোকসকলক বৰষুণ আৰু বোকাময় পৰিস্থিতিৰ মাজত উদ্ধাৰৰ ক্ষেত্ৰত উদ্ধাৰকাৰী দলসমূহ অসুবিধাৰ সন্মুখীন হৈছে। এই ঘটনাত সন্ধানহীন লোকসকলৰ ভিতৰত ৫৮৩ গৰাকী বিদেশী লোক বুলি প্ৰকাশ কৰা হৈছে। সুৰক্ষাবাহিনী আৰু নেপালৰ সেনা বাহিনীয়ে যুটীয়াভাৱে হেলিকপ্টাৰ আৰু পথেৰে গৈ চলোৱা অভিযানত ১১ হাজাৰ ৯৯৩ জন লোকক উদ্ধাৰ কৰা হৈছে। এই অভিযানৰ বাবে ২১...