September 20, 2026 8:17 PM | Nepal Flood Death

printer

নেপালৰ বিধবংসী বানৰ পাছত এতিয়াও সন্ধানহীন লোকসকলক উদ্ধাৰ কৰাৰ বাবে অভিযান অব্যাহত আছে

নেপালৰ বিধবংসী বানত সহস্রাধিক লোকে প্রাণ হেৰুওৱাৰ প্ৰায় এমাহ পাছত দেশখনত এতিয়াও বানত সন্ধানহীন লোকসকলক উদ্ধাৰ কৰাৰ বাবে অভিযান অব্যাহত আছে। উল্লেখযোগ্য যে দেশখনত বানত প্রায়  ১৪০০ লোক নিহত হোৱাৰ লগতে এতিয়াও প্ৰায় ৬ হাজাৰ লোক সন্ধানহীন হৈ আছে।

দেশখনৰ ৰাছুৱা আৰু সমীপৰ জিলাসমূহত ক্ষতিগ্রস্ত তাপবিদ্যুৎ প্রকল্প তথা ধবংস হৈ যোৱা অঞ্চলসমূহৰ লগতে নৈসমূহৰ সমীপত এই লোকসকলক বিচাৰি অনুসন্ধান অভিযান চলাই থকা হৈছে।

ছেপ্তেম্বৰ মাহৰ আৰম্ভণিতে নেপাল সেনাবাহিনীৰ এগৰাকী বিষয়াই কয় যে বানত ক্ষতিগ্রস্ত সুৰংগসমূহৰ পৰা ধবংসাবশেষসমূহ আঁতৰ কৰিবলৈ তিনিৰ পৰা চাৰি মাহৰ প্ৰয়োজন হ’ব।

আনহাতে বানে অঞ্চলটোৰ বাট-পথ তথা দলংসমূহৰ যথেষ্ট ক্ষতি হৈছে। চৰকাৰে ইতিমধ্যে ত্রিশূলী কৰিড’ৰৰ সমীপৰ দলংসমূহ মেৰামতি কৰিবলৈ আৰম্ভ কৰিছে। উল্লেখযোগ্য যে যোৱা আগষ্টত নেপাল-তীববত সীমান্ত সৃষ্টি হোৱা এই বানে মধ্য আৰু উত্তৰ নেপালৰ চহৰ আৰু গাঁওসমূহ ধবংস কৰি পেলাইছিল।

সীমান্ত অঞ্চলত চীনৰো ৪৩গৰাকী লোক নিহত হোৱা বুলি জানিব পৰা গৈছে। চীনৰ সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি এই বানত দেশখনৰ ৫ শতাধিক লোক এই বানত সন্ধানহীন হৈ আছে।