September 3, 2026 12:16 PM | Nepal Flood Death

printer

নেপালৰ প্ৰলয়ংকাৰী বানত মৃত্যু হোৱা লোকৰ সংখ্যা ১,২৫০ লৈ বৃদ্ধি

নেপালৰ প্ৰলয়ংকাৰী বানত মৃত্যু হোৱা লোকৰ সংখ্যা এহেজাৰ ২৫০ লৈ বৃদ্ধি হৈছে। হিমালয়ৰ কাষৰীয়া অঞ্চলত মাটিৰ তলৰ বিদ্যুৎ উৎপাদন কেন্দ্ৰ আৰু ভোটে কোশী নৈৰ কাষৰীয়া সুৰংগসমূহত আবদ্ধ হৈ থকা লোকসকলক বৰষুণ আৰু বোকাময় পৰিস্থিতিৰ মাজত উদ্ধাৰৰ ক্ষেত্ৰত উদ্ধাৰকাৰী দলসমূহ অসুবিধাৰ সন্মুখীন হৈছে। এই ঘটনাত সন্ধানহীন লোকসকলৰ ভিতৰত ৫৮৩ গৰাকী বিদেশী লোক বুলি প্ৰকাশ কৰা হৈছে। সুৰক্ষাবাহিনী আৰু নেপালৰ সেনা বাহিনীয়ে যুটীয়াভাৱে হেলিকপ্টাৰ আৰু পথেৰে গৈ চলোৱা অভিযানত ১১ হাজাৰ ৯৯৩ জন লোকক উদ্ধাৰ কৰা হৈছে। এই অভিযানৰ বাবে ২১ হাজাৰ ৩১৪ গৰাকী সুৰক্ষা বাহিনীৰ লোক নিয়োগ কৰা হৈছে। ইপিনে চীনত এই বানৰ ফলত হোৱা মৃত্যু হোৱা লোকৰ সংখ্যা ২১ লৈ বৃদ্ধি হৈছে আৰু ৫৪১ জন সন্ধানহীন হৈ আছে। কালি নিম্ন সদনত নেপালৰ প্ৰধানমন্ত্ৰী বালেন্দ্র শ্বাহে কয়, যে এই সংকটৰ প্ৰভাৱ হ্রাস কৰাৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্রীয় সম্প্রদায়ে উমৈহতীয়া দায়িত্ব গ্রহণ কৰিব লাগিব। এই ভয়াবহ ধবংসযজ্ঞই হিমালয় অঞ্চলত প্রভাব বৃদ্ধি পোৱা জলবায়ুজনিত বিপদৰ এক স্পষ্ট সতর্কবাণী দিছে। এই ভয়ংকৰ দুর্যোগে জলবায়ু পৰিৱৰ্তনৰ ফলত হিমালয় অঞ্চলত বসবাস কৰা লোকসকলৰ সন্মুখত গভীৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে বুলি উল্লেখ কৰি তেঁও কয় যে বিশেষজ্ঞসকলে উচ্চ হিমালয়ত হোৱা হিমস্খলনৰ এই ঘটনাক অঞ্চলটোৰ বৃহৎ দুর্যোগ হিচাপে চিহ্নিত কৰিছে। আন্তঃৰাষ্ট্ৰীয় উন্নয়নমূলক অংশীদাৰ যেনে এছিয়ান ডেভেলপমেন্ট বেংক, বিশ্ব বেংক, ইউৰোপীয় সংঘ, ৰাষ্ট সংঘকে ধৰি বিভিন্ন সংস্থাই আগবঢ়োৱাৰ লগতে ভাৰত, চীন আৰু দক্ষিণ কোৰিয়াৰ বিশেষজ্ঞৰ দলে জলবিদ্যুৎ প্রকল্পস্থলীসমূহত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।

উল্লেখযোগ্য যে যোৱা ২৬ আগষ্টৰ প্রলয়ংকাৰী বানে নেপালৰ ৰাছুৱা, নুৱাকট আৰু ধাদিং নামৰ ৩ খন জিলা সম্পূর্ণৰূপে বিধ্বস্ত কৰি থৈ যায়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।