May 11, 2025 7:00 PM

views 54

ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা দিৱসত বিজ্ঞানী, অভিযন্তা আৰু প্ৰযুক্তিবিদসকলক প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অভিবাদন

ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা দিৱস উপলক্ষে আজি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কৈছে যে নতুন প্রযুক্তিৰ বিকাশেৰে দেশবাসীৰ জীৱন যাপন প্ৰণালীৰ যোগাত্মক পৰিবৰ্তন সাধন কৰা বিজ্ঞানী, অভিযন্তা আৰু প্ৰযুক্তিবিদসকলক দেশে অভিবাদন জনাইছে। সামাজিক মাধ্যমৰ এটা বার্তাত শ্রীসিঙে কয় যে দেশে এই মুহুৰ্তত ১৯৯৮ চনৰ পোখৰানৰ সফল পৰীক্ষণৰ লগত জড়িত বিজ্ঞানীসকলক স্মৰণ কৰিছে। ভাৰতৰ ইতিহাসত সেই ঘটনা অত্যন্ত স্মৰণীয় বুলিও তেওঁ উল্লেখ কৰে।

May 11, 2025 12:12 PM

views 95

আজি ৰাষ্ট্ৰীয় প্রযুক্তি দিৱস

আজি ৰাষ্ট্ৰীয় প্রযুক্তি দিৱস। ভাৰতে ১৯৯৮ চনৰ আজিৰ দিনটোতে ৰাজস্থানৰ পোখৰানত পাৰমাণিক বোমাৰ সফল পৰীক্ষণ সম্পন্ন কৰিছিল। এই দিনটোৱে দেশৰ প্ৰগতি আৰু উন্নয়নত প্ৰযুক্তিৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা সোঁৱৰাই দিয়ে। এই দিনটোত ভাৰতৰ প্ৰথম থলুৱা বিমান হংলা খ্ৰীৰ উৎক্ষেপনৰ ক্ষেত্ৰত বৈজ্ঞানিক অভিযন্তা আৰু উদ্ভাৱকসকলৰ অৱদান আৰু বিশ্বৰ ষষ্ঠটো পাৰমাণিক পৰীক্ষাৰ কথা স্মৰণ কৰা হয়। দৈনন্দিন জীৱনত প্ৰযুক্তিৰ ভূমিকাৰ ওপৰত আলোকপাত কৰা আৰু যুৱ প্ৰজন্মক বিজ্ঞান আৰু প্ৰযুক্তিৰ প্ৰতি আকৰ্ষিত কৰাই এই দিৱসৰ মূল উদ্দেশ্যে।...