আজি ৰাষ্ট্ৰীয় প্রযুক্তি দিৱস। ভাৰতে ১৯৯৮ চনৰ আজিৰ দিনটোতে ৰাজস্থানৰ পোখৰানত পাৰমাণিক বোমাৰ সফল পৰীক্ষণ সম্পন্ন কৰিছিল। এই দিনটোৱে দেশৰ প্ৰগতি আৰু উন্নয়নত প্ৰযুক্তিৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা সোঁৱৰাই দিয়ে। এই দিনটোত ভাৰতৰ প্ৰথম থলুৱা বিমান হংলা খ্ৰীৰ উৎক্ষেপনৰ ক্ষেত্ৰত বৈজ্ঞানিক অভিযন্তা আৰু উদ্ভাৱকসকলৰ অৱদান আৰু বিশ্বৰ ষষ্ঠটো পাৰমাণিক পৰীক্ষাৰ কথা স্মৰণ কৰা হয়। দৈনন্দিন জীৱনত প্ৰযুক্তিৰ ভূমিকাৰ ওপৰত আলোকপাত কৰা আৰু যুৱ প্ৰজন্মক বিজ্ঞান আৰু প্ৰযুক্তিৰ প্ৰতি আকৰ্ষিত কৰাই এই দিৱসৰ মূল উদ্দেশ্যে। দেশত কৃত্রিম বুদ্ধিমত্তা, জৈৱ প্ৰযুক্তি আৰু কোৱাণ্টাম কম্পিউটিঙৰ দৰে অত্যাধুনিক প্ৰযুক্তিৰ মাধ্যমেৰে প্ৰগতি আৰু উদ্ভাৱনৰ শক্তিৰ প্ৰসাৰতো ৰাষ্ট্ৰীয় প্রযুক্তি দিৱসে সহায় কৰে।
Assamese | May 11, 2025 12:12 PM | NATIONAL TECHNOLOGY DAY
আজি ৰাষ্ট্ৰীয় প্রযুক্তি দিৱস