January 12, 2025 12:10 PM

views 38

নগাঁও জিলাৰ ৰধাকান্ত বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৯৫ সংখ্যক জয়ন্তী পালন

নগাঁও জিলাৰ পুৰণিগুদামৰ উচ্চ শিক্ষাৰ অগ্ৰণী শিক্ষানুষ্ঠান ৰধাকান্ত বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৯৫ সংখ্যক জয়ন্তী আৰু শতবৰ্ষৰ শুভাৰম্ভণি অনুষ্ঠানত কালি মুঠ ৯৫ খন পতাকা উত্তোলন কৰা হয়। শিক্ষক- সাহিত্যিক ফনীন্দ্র নাথ গায়ন আৰু শিক্ষক তথা বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ বিপুল চন্দ্ৰ মজুমদাৰে শতবৰ্ষৰ আৰম্ভণিৰ দুখন মূল পতাকা উত্তোলন কৰে। সৰস্বতী বন্দনাৰে আৰম্ভ হোৱা কালিব অনুষ্ঠানত শ্ৰদ্ধাঞ্জলি তৰ্পণ আৰু গুৰু পূজনৰ লগতে সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হয়।

August 26, 2024 11:18 AM

views 36

নগাঁৱত পৰীক্ষামূলকভাৱে ৰাজ্যৰ প্ৰথমটো আৱৰ্জনাময় পানী নিষ্কাষণ কেন্দ্ৰৰ উদ্বোধন

ৰাজ্যৰ নগৰাঞ্চলত থকা নলা-নৰ্দমাৰে বৈ যোৱা দুষিত পানী পৰিষ্কাৰ তথা প্ৰদূষণমুক্ত কৰি ৰাখিবলৈ নগাঁৱত কালি পৰীক্ষামূলকভাৱে ৰাজ্যৰ প্ৰথমটো আৱৰ্জনাময় পানী নিষ্কাষণ কেন্দ্ৰৰ উদ্বোধন কৰা হয়। ৰাজ্যৰ গৃহ আৰু নগৰ পৰিক্ৰমা, জনসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহালে নগাঁৱৰ ভূপেন হাজৰিকা মুকলি মঞ্চত অনুষ্ঠিত ৰাজহুৱা সভাত মুখ্য অতিথি হিচাপে অংশ লৈ কলং নৈৰ পাৰত স্থাপন কৰা ছিউৱেজ ট্রীটমেণ্ট প্লেণ্ট নামৰ ১২ কোটি ৪৬ লাখ টকা ব্যয় সাপেক্ষ এই প্ৰকল্পটোৰ বিষয়ে উল্লেখ কৰে। উল্লখযোগ্য যে প্ৰকল্পটোৰ জৰিয়তে নগাঁৱৰ বৰ্তমান...