নগাঁও জিলাৰ পুৰণিগুদামৰ উচ্চ শিক্ষাৰ অগ্ৰণী শিক্ষানুষ্ঠান ৰধাকান্ত বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৯৫ সংখ্যক জয়ন্তী আৰু শতবৰ্ষৰ শুভাৰম্ভণি অনুষ্ঠানত কালি মুঠ ৯৫ খন পতাকা উত্তোলন কৰা হয়। শিক্ষক- সাহিত্যিক ফনীন্দ্র নাথ গায়ন আৰু শিক্ষক তথা বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ বিপুল চন্দ্ৰ মজুমদাৰে শতবৰ্ষৰ আৰম্ভণিৰ দুখন মূল পতাকা উত্তোলন কৰে। সৰস্বতী বন্দনাৰে আৰম্ভ হোৱা কালিব অনুষ্ঠানত শ্ৰদ্ধাঞ্জলি তৰ্পণ আৰু গুৰু পূজনৰ লগতে সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হয়।
Assamese | January 12, 2025 12:10 PM | Nagaong District
নগাঁও জিলাৰ ৰধাকান্ত বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৯৫ সংখ্যক জয়ন্তী পালন