ৰাজ্যৰ নগৰাঞ্চলত থকা নলা-নৰ্দমাৰে বৈ যোৱা দুষিত পানী পৰিষ্কাৰ তথা প্ৰদূষণমুক্ত কৰি ৰাখিবলৈ নগাঁৱত কালি পৰীক্ষামূলকভাৱে ৰাজ্যৰ প্ৰথমটো আৱৰ্জনাময় পানী নিষ্কাষণ কেন্দ্ৰৰ উদ্বোধন কৰা হয়। ৰাজ্যৰ গৃহ আৰু নগৰ পৰিক্ৰমা, জনসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহালে নগাঁৱৰ ভূপেন হাজৰিকা মুকলি মঞ্চত অনুষ্ঠিত ৰাজহুৱা সভাত মুখ্য অতিথি হিচাপে অংশ লৈ কলং নৈৰ পাৰত স্থাপন কৰা ছিউৱেজ ট্রীটমেণ্ট প্লেণ্ট নামৰ ১২ কোটি ৪৬ লাখ টকা ব্যয় সাপেক্ষ এই প্ৰকল্পটোৰ বিষয়ে উল্লেখ কৰে। উল্লখযোগ্য যে প্ৰকল্পটোৰ জৰিয়তে নগাঁৱৰ বৰ্তমান চাৰিটা ৱাৰ্ড সামৰি লোৱাৰ লগতে প্ৰতিদিনে দুই নিযুত লিটাৰ পানী পৰিশোধন কৰিব পৰা যাব বুলি তেওঁ প্ৰকাশ কৰে।
Assamese | August 26, 2024 11:18 AM | Nagaong District
নগাঁৱত পৰীক্ষামূলকভাৱে ৰাজ্যৰ প্ৰথমটো আৱৰ্জনাময় পানী নিষ্কাষণ কেন্দ্ৰৰ উদ্বোধন