July 13, 2026 12:27 PM

views 7

ইম্ফল পূব জিলাৰ লেইটানপকপি গাঁৱত সামুদায়িক সম্পর্ক কার্যসূচীৰ আয়োজন

অসম ৰাইফলছে সীমান্ত সুৰক্ষা বাহিনী আৰু মণিপুৰ আৰক্ষীৰ সহযোগত কালি ইম্ফল পূব জিলাৰ লেইটানপকপি গাঁৱত সামুদায়িক সম্পর্ক কার্যসূচী অনুষ্ঠিত কৰে। শান্তি আৰু একতা বজাই ৰখা, জনসাধাৰণৰ আস্থা শক্তিশালী কৰা তথা স্থানীয় লোক আৰু সুৰক্ষা বাহিনীৰ মাজত গঠনমূলক কার্য বৃদ্ধি কৰাৰ উদ্দেশ্যে এই পদক্ষেপ লোৱা হয়। কাৰ্যসূচীৰ অংশ হিচাপে আয়োজিত মত বিনিময় অনুষ্ঠানত গাঁৱৰ মুৰব্বী আৰু সচিবকে ধৰি ১৬ জন গাঁওবাসীয়ে অংশগ্রহণ কৰে। অনুষ্ঠানত সুৰক্ষা বাহিনী আৰু আৰক্ষী বিষয়াসকলে সাম্প্রতিক নিৰাপত্তা পৰিস্থিতিৰ বিষয়ে সকলোকে অৱগত ক...

October 6, 2025 1:47 PM

views 28

মণিপুৰত কাইলৈ পাহাৰ-ভৈয়ামৰ সমন্বয়ৰ প্ৰতীকস্বৰূপ মেৰা হৌ চুংবা মহোৎসৱ

মণিপুৰত কাইলৈ পাহাৰ-ভৈয়ামৰ সমন্বয়ৰ প্ৰতীকস্বৰূপ মেৰা হৌ চুংবা মহোৎসৱ অনুষ্ঠিত হ'ব। মণিপুৰৰ ৰাজ প্ৰসাদ চানা কুনুঙত অনুষ্ঠিত সংবাদমেলত এই মহোৎসৱৰ ৰাজ্যিক পৰ্যায়ৰ উদ্যোক্তা সমিতিৰ প্ৰতিনিধিয়ে জনোৱা অনুসৰি কাইলৈ ঐতিহাসিক কাংলাত মেৰা হৌ চুংবা মহোৎসৱ অনুষ্ঠিত হ'ব। এই মহোৎসৱত মণিপুৰৰ ১৩৫খন গাঁৱৰ গাঁওপ্রধানে অংশগ্রহণ কৰিব। গাঁওপ্রধানসকল আজি ইম্ফলত উপস্থিত হ'ব আৰু মণিপুৰৰ ৰজা তথা ৰাজ্যসভাৰ সাংসদ মহাৰাজ চানজাওবা লেইচেমবাই মণিপুৰৰ ৰাজপ্রাসাদত তেওঁলোকক আনুষ্ঠানিকভাৱে আদৰণি জনাব। কাইলৈ পুৱা মহাৰজা চানজাও...